ষ্ট্ৰিট্ লাইটৰ পোহৰে উদ্ভাসিত কৰি ৰখা নিজান পথটোত এটা ছাঁ। ছাঁটো ক্ৰমাৎ পথটোৰ মাজলৈ ধাৱমান হৈছে। পুৰুষৰ নে মহিলাৰ ঠিক ধৰিবপৰা হোৱা নাই। হয়তো এখন স্কাৰ্ফ মেৰিয়াই আহিছে। খুপি খুপি আগবাঢ়িছে ছাঁ-টো। অলপ ৰৈ, ইফালে সিফালে চাই, আকৌ আগবাঢ়ে। চোৰ নেকি? কিন্তু এই ঠাইৰ পৰা ন-দহ কিলোমিটাৰৰ ভিতৰত জনবসতি নাই। একো দোকান-পোহাৰো নাই। ঠাইখন দূৰ্ঘটনা সংঘটিত এলেকা বাবে ষ্ট্ৰিট্ লাইটৰ ব্যৱস্থা কৰা হৈছে। গতিকে চোৰে ইয়াত চুৰ কৰিব কি?লাহে লাহে ছাঁটো নোহোৱা হৈ আহি আহি এটা সময়ত মানৱ শৰীৰটোত বিলীন হৈ গ'ল।মূৰে গায়ে স্কাৰ্ফ মেৰিয়াই ৰখা শৰীৰটো মাজপথত যেন অৱস হৈ পৰিল। অলপ সময় ৰ'ল তাতে। মূৰৰ ওপৰৰ লাইটটোৰ মুখত ঘূৰি ফুৰা চগাবোৰে শৰীৰটোক আক্ৰমণ কৰিলে। শৰীৰটো গৈ ষ্ট্ৰিট্ পোষ্ট এটাত আউজি বহিল।
--তুলিকা......। আলফুলে শৰীৰটোৰ কান্ধত এখন হাতৰ পৰশ।শৰীৰটো উচপ্ খাই উঠিল।স্কাৰ্ফখন খহি পৰিল।অবিন্যস্ত চুলিৰ এখন ঘৰ্মাক্ত মুখ। শিৰৰ সেন্দুৰকণ ঘামতে বিয়পি পৰিছে। চকুযুৰিত এসোপা ভয়। হয়তো সন্দেহো। খুউব ফোপাইছে তাই।
--তুমি কিয় এনেকৈ ঘৰৰ পৰা পলাইছা তুলিকা? কি সমস্যা হৈছে তোমাৰ? প্লিজ্ মোক কোৱা।
তাই ঘপককৈ থিয় হ'ল।স্কাৰ্ফৰ তলৰ পৰা এখন চুৰি উলিয়াই নিজক সুৰক্ষা কৰাৰ ভংগীৰে গৰ্জি উঠিল।
--খবৰদাৰ নীলাভ। তুমি বিশ্বাসঘাটক, ঠগবাজ। কিন্তু এতিয়া তুমি মোক মাৰিব নোৱাৰা। নিদিওঁ মই। তাৰ আগতেই মই এইখন তোমাৰ বুকুত বহাই দিম।
তাই খঙত কঁপিছে। হিংস্ৰ হৈ উঠিছে। ৰঙা পৰা চকুহালৰ পৰা যেন এই ৰক্তক্ষয় হ'ব।
--ৰিলেক্স তুলিকা। ৰিলেক্স।মই তোমাক কিয় হত্যা কৰিম।মই তোমাক.....। হাতৰ মুঠিতো শিথিল হ'ল তুলিকাৰ।চুৰিখন সৰি পৰিল।তাই কান্দি উঠিল।প্ৰথমে উচুপিলে,ক্ৰমশঃ হুক্হুকাই উঠিল।নীলাভে তাইক বুকুত ভৰাই চুলিখিনিত হাত বুলাই দিলে।
সি উচুপি উঠিল।টেবুলখনত থকা পানীৰ গিলাচটো আগবঢ়াই দিলে মৃন্ময় কটকীয়ে।পানী গিলাচ খাই দীঘল উশাহ এটা টানি প্ৰকৃতিস্থ হ'বলৈ যত্ন কৰিলে নীলাভে।
--মই ভীষণ অসহায় ডা. কটকী।তাই আজিকালি মোক সন্দেহ কৰে।অকাৰণতে।মনে মনে মোৰ ম'বাইল চেক্ কৰে।মই ফোনত কথা পাতিলে মনে মনে শুনি থাকে। মই কি কৰা উচিত একো ভাবি পোৱা নাই।
--আপুনি অফিচৰ পৰা কেতিয়া উভতে?ঘৰত আৰু কোন থাকে?
--মোৰ ঘৰলৈ অহা পলম হয়।তুলিকা অকলেই থাকে ঘৰত।
--মই তাইক এবাৰ লগ পাব বিচাৰিম।
--sure....মই তাইক লৈ আহিম।
দোকানখনৰ মুখতে ৰৈ থকা মহিলা দুগৰাকীয়ে ফুচ্ফুচাই কথা পতা তুলিকাই অনুভৱ কৰিলে।নিশ্চয় তাইৰ কথা পাতিছে।নীলাভৰ চৰিত্ৰৰ কথা গম পাইছে হয়তো।তাই শাৰীৰ আগটোৰে মুখখন ঢাকি দৌৰি আহিল ঘৰলৈ।কোঠাত সোমাই বিছনাখনত ধামকৈ পৰি কঁপি থাকিল খঙত,লাজত,ভয়ত।
নীলাভে আহি কোঠাৰ লাইট্টো জ্বলাই তাইক জগাই দিলে।
--এনেকৈ শুই পৰিলা যে!
--তুমি আৰু অফিচ যাব নোৱাৰা।তোমাৰ বাবে মই মানুহৰ কথা শুনিব নোৱাৰোঁ।ছিঃ।মোক শেষ কৰিহে এৰিবা তুমি।
নীলাভ আচৰিত হ'ল।কি কৰিলে সি?তাইক কোনে কি ক'লে?এসপ্তাহ ধৰি দেখোন ঘৰৰ বাৰাণ্ডাখনেই দেখা নাই তাই।উফ্!তাৰ মূৰ ঘূৰোৱাৰ উপক্ৰম হ'ল।
--তুমি কাইলৈ ডাক্তৰৰ ওচৰলৈ যাব লাগিব।
--কিয়?কি হৈছে মোৰ?অ'হ্!মোক হত্যা কৰাৰ ষড়যন্ত্ৰ,নহয়?তেতিয়াহে তুমি...?নাযাওঁ মই ক'তো....।
তাই ফেঁকুৰিবলৈ ধৰিলে।বৰ অসহায় অনুভৱ কৰিলে নীলাভে।
ক্লিনিকৰ মুখতে নীলাভে পাইচাৰী কৰি থাকিল।এসময়ত ডা. কটকী ওলাই আহিল।নীলাভ উধাতু খাই গ'ল তেওঁৰ ওচৰলৈ।
--কি হৈছে ডাক্তৰ?কিবা গম পাইছে?
--তাই খুউব সন্দেহবাদী হৈ পৰিছে।খুউব ভয় খাই থকা হৈছে।সহজেই ভাগি পৰে,কাকো বিশ্বাসত ল'ব নোৱাৰে।হয়তো নিঃসংগতাই তাইক অশান্তি দিছে।সৰু সৰু কথাতে ওজৰ আপত্তি দেখাই।Actually she is suffering in paranoid personality disorder,a kind of mental disorder.
--Is it critical?নীলাভৰ মাতত কঁপনি এটা সুস্পষ্ট হৈ উঠিল।
--এতিয়া তাই মিদ্ষ্টেজত আছে।আৰু বেছিদিন থাকিলে জটিল হ'ব।তুমি সঠিক সময়তে মোৰ ওচৰলৈ আহিলা।মানসিক সমস্যাক বহুতেই উপেক্ষা কৰে।তাইক অলপ মেডিকেচন দিলে হয়তো সকাহ পাব।মই থেৰাপীৰো ব্যৱস্থা কৰিম।
--তাই সুস্থ হ'ব ন?....নীলাভৰ সেমেকা চকুদুটালৈ চাই থাকিবলৈ ডা. কটকীৰো অসুবিধা হ'ল।তুলিকাক পঠাই দিওঁগৈ বুলি তেওঁ ভিতৰলৈ গ'লগৈ।
উভতি আহোঁতে নীলাভে তুলিকাৰ প্ৰিয় ভেনিলা ফ্লেভাৰৰ আইচ ক্ৰীম এটা তাইৰ হাতত তুলি দিলে।তাই নিমাতে চাই থাকিল তালৈ।তাই ভবাৰ দৰে হয় জানো নীলাভ বিশ্বাসঘাটক!কেতিয়াবা তাইক টান কথা এষাৰো জানো শুনাইছে?অলপ বেছি সময় দিব পৰা নাই বাৰু!সেইবুলিয়েই তাই....।
সীমান্তৰ নাম্বাৰটো দিলিট কৰি তাই ভালেই কৰিলে।আৰু কেতিয়াও তাৰ লগত যোগাযোগ নকৰে।সি দিয়া ফুলিযোৰ আজিয়েই পেলাই দিবগৈ।গাড়ীৰ চিটত তাই আউজি দিলে,অলসভাৱে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ