অজস্ৰ চিন্তা -ভাৱনাই নিতৌ কোঙা কৰে
মোৰ মন আৰু শৰীৰত।
সেই সময়ত নীৰৱতাই যেন প্ৰিয় সংগ হৈ
থিয় দিয়ে মোৰ কাষত
নদীৰ সান্নিধ্য বিচাৰি ব্যাকুল হৈ মাজে সময়ে
নামদাং নদীৰ পাৰলৈ মোৰ নি:সংগ ভ্ৰমণ।
সত্ৰ, নামঘৰ দেখিলে
মূৰ দোঁৱাই প্ৰণাম কৰাৰ দৰে
নদীখনৰ কাষলৈ আহিলে যেন
মূৰটো দোঁ খাই যায়
এই নদীও হয়তো হ'ব পাৰে
গংগা, যমুনা কিম্বা সৰস্বতীৰ দৰে
পৱিত্ৰ কোনো দেৱীৰ অদৃশ্য শৰীৰ।
নদীখনৰ নৈসৰ্গিক শোভাত
বিচৰণ কৰোঁ মই সপোনৰ ৰাজ্যত
মাছ, কাছৰ নাচোনে
পানীৰ কুলু কুলু মাতে
মোক ফাগুনৰ দৰে উন্মনা কৰি তোলে।
আচম্বিতে যেন নাইকীয়া হৈ যায়
মোৰ মনৰ অজস্ৰ চিন্তা
মন মগজুত যেন এক আনন্দৰ জোৱাৰ
মৰহা ফুলপাহ সৰি পুনৰ ফুলি উঠে
এপাহ সুগন্ধি, উজ্বল ফুল
যেন এক পাৰিজাত ফুল।।
পানীৰ গভীৰতা কমি আহিলে
খেয়ালী বতাহে নদীক জোকালে
মই নদীখনৰ দৰে দৃঢ় শান্ত হ'বলৈ শিকো ।
এই নদী মোৰ চিৰন্তন প্ৰেমিক
যাৰ অধৰেদি মোৰ বুকুলৈ আহে
অহৰহ শব্দৰ সমদল।
কেতিয়াবা পাৰত বহি অকলশৰে ভাবোঁ
নদীৰ বাহিৰে মানুহৰ কোনোবা
হ'ব পাৰে নেকি বিশ্বস্ত লগৰী
যাক উজাৰি দিব পাৰি
জীৱনৰ সমস্ত দোষ - কালিমাৰ বাতৰি?
যিয়ে দিয়ে আমাক শাশ্বত শান্তি
যি হ'ব পাৰে বিশ্বাসী সংগী ।
মানুহৰ দৰে নদীৰো আছে
ঘাত-প্ৰতিঘাত, সুখ -দুখ
যাৰ নীৰৱ সাক্ষী মোৰ গাঁৱৰ
নীৰৱতাই বিৰাজ কৰা
নামদাং নদীৰ পাৰ।
✍️পৰিস্মৃতা দত্ত, শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ