ভোগালীৰ ৰং-বন্দনা ভৰালী গগৈ

©Admin
0
ভোগৰ উৎসৱ ভোগালী,
ভোগৰ বৰণ শুভ্ৰ তাৰে ভৰ্তি,
ভোগৰ উৎসৱ কৃষকৰ অন্য নাম,
ভোগক নকৰা অপব্যৱহাৰ।।

ৰঙৰ পৃষ্ঠাখনত আপুনি আপুন,
ৰঙৰ সুৱাস বিচাৰি আপুনি হোৱয় আপুন,
ৰঙৰ ৰামধেনু সংলাপ বিচাৰি আপুনি আপুন,
ৰঙক নকৰা অপব্যৱহাৰ।।

জুশালখন আপুন ,,অতি ঘনিষ্ঠ,
জুশালখন অসমীয়াৰ অমূল্য সম্পদ,
জুশালখন বৰ্তমান প্ৰজন্মৰ যেন অচিনাকী,
জুশালখনক নকৰা অপব্যৱহাৰ।।

ভক্তি,মৰম,চেনেহ ভাতৃত্ববোধৰ কেন্দ্ৰস্থল,
ভক্তি ধৰ্মৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ লগত,
ভক্তি আন্দোলনৰ বাহক অসমীয়া জাতিৰ কৃষ্টি,
ভক্তিক নকৰা অপব্যৱহাৰ।।

মাটিৰ গোন্ধ প্ৰাণ পাই উঠা কৃষকৰ সপোন,
মাটিৰ সৈতে জড়িত কৃষকৰ কষ্টৰ সময়ত,
মাটিৰ উৰ্বৰতা শক্তিত উল্লেখিত কৃষকৰ নাঙল,
মাটিক নকৰা অপব্যৱহাৰ।।

আনন্দৰ অন্য নাম বিধি,
আনন্দক বিচাৰি পোৱা যায় আত্মা সমন্ধত,
আনন্দই জীৱৰ জীৱনৰ ঠিকনা,
আনন্দক নকৰা অপব্যৱহাৰ।।

                 ✍️ বন্দনা ভৰালী গগৈ শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)