অভিনয়ৰ মৌন ওঁঠৰ হাঁহি -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
মানুহৰ চেহেৰাই জানো
 সকলো কথা খুলি কয়
বাহিৰৰ পৰা অভিনয়ৰ
 হাঁহি এটি মাৰিলে জানো
সুখত থকা বুজাই কোৱা।
মৌন ওঁঠৰ হাঁহিয়ে কেতিয়াও
আপোনপাহৰা কৰি নাৰাখে 
মাথোঁ আনৰ আগত
 অভিনয়হে কৰে সুখী হোৱাৰ।
কিমান যন্ত্ৰণা, কিমান বিষাদ আছে 
কিছুমানৰ জীৱনত
তথাপিও হাঁহি হাঁহি পাৰ কৰে 
সংগ্ৰামৰ সময়বোৰ মধুৰ কৰি 
জীৱনত আগুৱাই যায় নীৰৱে 
সপোন সাৱটি স্মৃতি সামৰি।
হৃদয়ত কঢ়িয়াই লৈ ফুৰাজনে বুজে
জীৱনৰ জীয়া যাতনাৰ কথা 
অভিমান কৰে জীৱনৰ প্ৰতি
অভিমান সামৰে হৃদয়ৰ মাজত
হৃদয়ৰ গভীৰতালৈ গৈ কোনে চায়
কোনে জুখি চাই বিষাদৰ ওজন 
কেৱল সমালোচনা কৰে।
অভিনয়ৰ হাঁহি দেখি ভাবে
সুখ আৰু শান্তিত আছে 
তথাপিও কাৰোৰে অকণমানো
সময় নাথাকে অভিমানী হৃদয়ৰ ভাষাবোৰ বুজিবলৈ
স্পৰ্শ কৰি কোনেও নাচায়
অভিমানী মনৰ আৱেগৰ শব্দবোৰ
দূৰণিৰ পৰাই চাওঁ নাচাওঁকৈ
জুমি চাই অভিমানীৰ মিছা
অভিনয়ৰ মৌন ওঁঠৰ হাঁহি।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)