কিছু মানুহ-সঞ্জীৱ চৰকাৰ

©Admin
0
ক্ষমতাৰ উৰ্দ্ধত কৰে আশা  
যোগ্যতাৰ উৰ্দ্ধত কৰে কৰ্ম
অভিজ্ঞ কৈ নিজকে 
তুচ্ছ ভাবে আনক..!

বিসৰ্জন দি নিজস্বতা 
বাঃ বাঃ লয় 
সমাজ হয় কলুষিত তাত 
ভাবিৱেই নাপায়
সিহঁত ধুমকেতু..!

পৰৰ উন্নতিত জ্বলে 
থাকিলেও নিজা নিলয়
আনৰ অট্টালিকাক লৈ দেখে স্বপ্ন
লুপ্ত কৰি বাস্তৱতা 
অবাস্তৱৰ সৈতে নিজকে ৰিজাই..।

অবাস্তৱৰ ৰঙীন পথত 
আছে শত দুঃপ্ৰত্যাশা 
আছে যে শত তমসা 
অজ্ঞাত তেওঁলোক  
প্ৰয়োজনত মাথো তেওঁলোকৰ 
সীমাহীন খন্তেকীয়া আনন্দ..!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)