আৱতৰীয়া বৰষুণজাক-মিছ মৰ্জিনা বেগম

©Admin
0
শুৱাপাটী এৰি বাহিৰলৈ আহি দেখিলোঁ পিতায়ে ৰেডিঅ’টো এখন হাতত লৈ আনখন হাতেৰে পকাই আছে। এফালৰ পৰা মৃদু সুৰত বাজি উঠিল এয়া আকাশবাণী গুৱাহাটী এতিয়া শুনক আপোনালোকৰ প্ৰিয় অনুষ্ঠান পুৱাৰ "গীতিমালিতা"।এনেতে বাজি উঠিল "কহুৱা বন মোৰ অশান্ত মন" - - - - গীতটিয়ে যেন বুকুৰ মাজৰ যন্ত্ৰণাটো দুগুনে উঠলাই তুলিছে। বুকুখনত যেন কিবা এটাই হেঁচা মাৰি ধৰিছে। প্ৰশান্ত লাহে নিজৰ কোঠাৰ ফালে আগুৱালে।
       মেঘালীৰ বিয়া মাত্ৰ আৰু দুটা দিন বাকী আছে। সকলোবোৰ যা-যোগাৰ হৈয়ে গৈছে। প্ৰশান্তই প্ৰতিটো খবৰেই পাই আছে লগৰ নিৰঞ্জনৰ পৰা। বিয়াৰ নিমন্ত্ৰণী পত্ৰ এখন প্ৰশান্তহঁতৰ ঘৰতো পাইছে। যিমানেই বিয়াখনৰ দিন আগুৱাব ধৰিছে প্ৰশান্তৰ মনৰ ভিতৰত যেন কিবা এটা বেছিকৈয়ে হ'ব ধৰিছে। তাৰ পংগু অৱস্থাটোৰ বাবে মেঘালীৰ মাক-দেউতাকে তাক অস্বীকাৰ কৰিছিল। তাৰনো দোষ কি আছিল? নিয়তিৰো যে কি খেলা কেতিয়া, কাৰ লগত কি কৰে গমকে নাপাই।
     সিদিনা দেওবাৰ আছিল। প্ৰশান্তৰ অফিছো বন্ধ আছিল সিদিনা। তাৰ হেঁপাহৰ সীমা নোহোৱা হৈছিল। আজি যে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন বুলি ভাবি আছিল। অতীতৰ দিনবোৰেও আমনি কৰি আছিল প্ৰশান্তক বৰকৈয়ে। মেঘালীৰ ঘন কলা চুলিকোছা, কলেজৰ কেণ্টিনত বহি বহু সময় চাহ খাই পাৰ কৰা মূৰ্হুত্ববোৰ, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ পাৰৰ বালিত আঙুলীৰে আলফুলে দুয়োৰে নাম লিখা ইত্যাদিবোৰ।
      আজি প্ৰশান্তহঁতৰ ঘৰৰ মানুহ মেঘালীহঁতৰ ঘৰলৈ যাবলৈ সাজু হৈছে। মেঘালীক বোৱাৰী কৰি অনাৰ প্ৰতিশ্ৰুতি দিবলৈ। ঘৰৰ সকলো সুখী এই সম্বন্ধত। আজি সিহঁতৰ একমাত্ৰ ল'ৰাৰ বিয়া থিক কৰিব যাব। সকলোৱে থিকে-থাকে যাত্ৰা আৰম্ভ কৰিলে মেঘালীহঁতৰ ঘৰলৈ বুলি। গাঁৱৰ কেঁকুৰিটো হৈয়ে অঘটনটো ঘটিল। সিহঁতৰ গাড়ী খনৰ সন্মুখত বাইক চালক এজনে আহি হঠাৎ খুন্দা মাৰিলে। বাইক চালকজনক বচাবলৈ গৈ প্ৰশান্তহঁতৰ গাড়ী খন দ' খাৱৈত পৰিল। সি চেতন ঘূৰাই পোৱালৈ নিজকে চিকিৎসালয়ৰ বিছনাত পাইছিল। দুৰ্ঘটনাটো হৈ যোৱা আজি দুদিন হ' ল হেনো। দেউতাকে চিকিৎসালয়ৰ বাৰাণ্ডাত ৰখি কাৰোবাক কৈ থকা শুনিলে প্ৰশান্তই। এই দুৰ্ঘটনাতেই সি তাৰ সোঁ ভৰিখন হেৰুৱাই পংগু হৈ পৰিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)