: সোনকালে আহক আকৌ । ইমান দেৰি কি কৰিছেনো ?
বন্ধুৰ ঘৰত আজি ৰভা ভঙা খানা খাই সৰুপথাৰলৈ যোৱাৰ কথা ।
যোৱাকালি শ্ৰাদ্ধানুষ্ঠান পাৰ হৈ গৈছিল আৰু আজি ৰভা ভাঙি বস্তু বাহানি টেণ্ট হাউচত দি আজৰি হৈ দুপৰীয়া সময়ত খানা খাই চাৰিজন লগ লাগি দুখন বাইকেৰে বিলনিগাঁৱলৈ ওলাল । দুই বজাত ঘৰৰ পৰা ওলাই পোনে পোনে সৰুপথাৰ গন্ধকৰৈ পালেগৈ ।
মনেশ্বৰ শইকীয়া দদাইদেউ , প্ৰবীন হাজৰিকা দা জিতুকান্ত শইকীয়া আৰু নিৰ্মল কুমাৰ চাৰিওজনে গৈ বিনয়দাৰ ঘৰ পাইছিল । সিহঁতক দেখা পাই বিনয়দা আগ বাঢ়ি আহিল ।
: পালাহি , আহা বহাহি ।
সিহঁত চাৰিওজনে গৈ ৰভাতলত বহিল । বিনয়দাই তামোল-পাণ দিলেহি । নিৰ্মল কুমাৰে ৰভাতলত বহি থাকোঁতে জোনমণি শইকীয়া নামৰ এগৰাকী বোৱাৰীয়ে মাত লগালে ।
: বহিছা । কেতিয়া পালাহি ? অকলেনে আৰু কোনোবা লগত আহিছে ?
: অ । অলপ সময় হ'ল । আমি চাৰিজন আহিছো । ভাল নে তোমাৰ ?
: অ ভাল ভাল । সকাম ঘৰ কি হয় তোমাৰ ?
: বন্ধুৰ দদায়েক । মোৰ বচ । ছাহাৰা কৰো একেলগে । তোমাৰ ঘৰ ?
: মোৰ ঘৰ ইয়াতেই । এয়া আমাৰ মালিক , মানে হাজবেন । আৰু এয়া নিৰ্মল কুমাৰ শৰ্মা । আমি সৰুপথাৰ মহাবিদ্যালয়ত একেলগে পঢ়া-শুনা কৰিছিলো ।
দুয়ো প্ৰতি নমস্কাৰ জনাইছিল । তাৰ পিছত চাহ বিস্কুট আপ্যায়ন কৰা হ'ল ।
: তোমালোকে বহাচোন দেই । মই অন্য কামত লাগোগৈ ।
: অ যোৱা ।
জোনমণি ভিতৰলৈ গৈছিল । নিৰ্মল কুমাৰে চাহ খাই খাই বহিল ।
জোনমণিক বহুবছৰৰ মূৰত লগ পাইছে সি । ভাগ্যক্ৰমেহে আজি একুৰি বছৰৰ মূৰত লগ পাইছে । সেই যে কলেজীয়া দিনত একেলগে অহা যোৱা কৰা , একেলগে একেখন বেঞ্চতে বহি পঢ়া শুনা কৰা । তাৰ পিছত স্নাতক ডিগ্ৰী লৈ সকলো ভাগে ভাগে আঁতৰি গ'ল , তাৰ পিছত যেন আজিহে দেখা সাক্ষাৎ হৈছে । সঁচাই আচৰিত এইখন পৃথিৱী । একেখন ঠাইতে এজনে আনজনৰ সতে দেখা সাক্ষাৎ লাভ কৰিবলৈও বিশ বছৰ অপেক্ষা ।
সি বাহিৰলৈ ওলাই আহিছিল । হঠাতে দেখিবলৈ পালে ৰভাৰ বাহিৰত এম ই স্কুলত পঢ়া দিনৰে শিক্ষাগুৰু চন্দ্ৰ কান্ত শইকীয়া ছাৰ বহি আছে । ছাৰে অৱসৰ গ্ৰহণ কৰা আজি বাৰ তেৰ বছৰ পাৰ হৈ গ'ল যদিও এতিয়াও আগৰ দৰেই হৈ আছে । ছাৰক দেখা পাই সি আগবাঢ়ি গ'ল আৰু ওচৰলৈ গৈ মাত লগালে
: ছাৰ ভাল নে আপোনাৰ ? বহু দিনৰ মূৰত লগ পালো ।
: অ ভালে আছো অ নিৰ্মল । তোমাৰ কেনে ? ভালে আছা ?
বহুদিনৰ মূৰত লগ পালো তোমাক । ক'ত কি কৰি আছা এতিয়া তুমি ?
: হয় ছাৰ । ভাল ছাৰ । মই বৰ্তমান দোকান এখন আৰম্ভ কৰিছো । ১৬ নং চুঙাজান মধ্য ইংৰাজী বিদ্যালয়ত ১৬ বছৰ চাকৰি কৰিলো । আজি তিনি বছৰ বিদ্যালয়ৰ পৰা আঁতৰি আহি এল আই চিৰ কামত ব্যস্ত হৈ পৰিলো । তাতো দেখিলোঁ বিশেষ একো লাভ নাই । সেয়ে এইবাৰ স্বব্যৱসায় আৰম্ভ কৰিলো । এমাহ হৈছে মাত্ৰ । নতুনকৈ গেলামালৰ দোকান এখন আৰম্ভ কৰিছো । আপোনাৰ ঘৰলৈ অহাৰ কথা কৈয়েই আছিলো । কিন্তু বন্ধুৱে আজিৰ দিনটোৰ কথা ক'লে বোলে বিনয়দাহঁতৰ ঘৰত সকাম খাবলৈ যাওঁতে ছাৰৰ ঘৰলৈও যাম ।
: ভাল কথা । ব'লা তেতিয়াহ'লে ।
ছাৰ ওলালেই । সি ক'লে
: ৰ'ব ছাৰ । বিনয়দাক মাতষাৰ লগাই আহো ।
এইবুলি কৈ সি বিনয়দাক মাতষাৰ লগালে । তেনেতে বিনয়দাৰ পত্নী মানে খুড়ীদেউ আৰু ছোৱালীজনী আহি নিৰ্মল কুমাৰৰ ওচৰ পালেহি ।
: কেতিয়া আহিলা নিৰ্মল ? ভালে আছা ? তামোল এখনকে খোৱা ।
: ভালে আছো দেই । আপোনাৰ ভাল ।
: ক'ত নো আৰু ভাল । দেখিছাই নহয় এয়া ।
অ । বুলি শলাগ ল'লে সি ।
: ছাৰ কেতিয়া পালেহি ? ভালনে আপোনাৰ ?
বিনয়দাৰ ছোৱালী । গোলাঘাটত এইচ পি বি কলেজত পঢ়ি আছে তাই ।
অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতেই সি তাইক পঢ়াই পাইছিল । এদিনৰ বাবে হ'লেও সি এতিয়া তাইৰ গুৰু । সৰুপথাৰৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ডি এল এডৰ প্ৰশিক্ষণৰ অন্তৰ্গত ব্যৱহাৰিক পাঠদান কৰিব লগা হৈছিল । তেতিয়াই তাইৰ শ্ৰেণীকোঠাত পাঠদান কৰিছিল সি । এতিয়া স্নাতক দ্বিতীয় সান্মাষিকৰ ছাত্ৰী তাই ।
: বহকচোন দেই মই ভিতৰলৈ যাওঁ ।
সিও ৰৈ নাথাকিল । বিনয়দাক মাত লগাই ছাৰৰ ঘৰৰ পৰা আহো বুলি প্ৰবীন দা , জিতুকান্ত আৰু মনেশ্বৰ দদাইৰ লগত ছাৰৰ ঘৰলৈ গ'ল ।
( আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ