সকৰুণ - দৰ্শনা দাস

©Admin
0
শেষ আঘোণ,
নৰাতলী ফালি 
পথাৰৰ বকিয়াত 
এজন নিঃকিন পথিক।

তেওঁৰ মুখত শতিকাৰ পুৰণি
তেজাল গীতবোৰ,
চকুৰ পিৰিকটিত গাপ দিছে,
সভ্যতাৰ একোখন
অশ্লীল ছবি।

দুপৰৰ সোনসেৰীয়া ৰ'দত
এজাক ৰঙা জিঞা খেদি
তেওঁ গৈ আছে,
সভ্যতাৰ অশ্লীলতাক
তঁয়া-তোকা কৰি।

ভাগৰত লৈছে
পথৰুৰা জীপ,
পিপাসাত চাইছে
আথাউননি পানী।

তেওঁ বাকৰুদ্ধ...
হাতৰ মোনাখনত লৈ ফুৰিছে
শতাব্দীৰ অগন্য কবিতা,
আৰু সুধী মৃতকৰ
শুকান হাড়বোৰ।

               ✍️দৰ্শনা দাস।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)