বহুতো সপোন আছে আধৰুৱা হৈ,
বহুতো কথা আছে নোকোৱাকৈ,,
আলসুৱা সপোনবোৰ পূৰাই ল'ব দিয়া।
নোকোৱা কথাখিনি কৈ ল'ব দিয়া।।
মৰহি গৈছে অজ্ঞানতে কিছুমান সম্পৰ্ক,
পুনৰ জীপাল কৰিব'লৈ অলপ সময়ৰ দিয়া।
কেনেকৈ নো এৰি দিওঁ লক্ষ্য বোৰ নসধাকৈ?
কেনেকৈ নো এৰি দিওঁ সপোনবোৰ আধৰুৱা থয়?
জীৱনৰ গ্ৰন্থ খন আছে বিশৃঙ্খল হৈ..
কেনেকৈ নো এৰি দিওঁ সকলোবোৰ এনেকৈ..?
পাৰা যদি অলপ ৰৈ দিয়া..!
জীৱন যুদ্ধত অজ্ঞাতে কৰিছোঁ বহুতো ভুল,
সেইবোৰ শুধৰাই ল'ব দিয়া।
বুজিছোঁ তুমি তীব্ৰ গতিশীল কিন্তু...
পোৱা-নোপোৱাৰ হিচাপ খিনি কৰি এতিয়া
আৰম্ভ কৰিছিলোঁ হে লিখিব'লৈ জীৱনৰ কাব্য,
সম্পূৰ্ণ তো কৰি ল'ব দিয়া।।
সময়...অলপ স্তব্ধ হৈ দিয়া..!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ