অপেক্ষা তোমাৰ বাবে•বৰষা কাশ্যপ

Rinku Rajowar
0
পৰিশ্ৰান্ত সময়ৰ হেঙাৰ নেওচি
আকৌ যদি বৰষা নামে মন মৰুভূত
তুমি আহিবা শাওনীয়া মেঘৰ কজলা বাটে
মোৰ মেঘালী চুলিৰ অলকা গুচাই
ভিজা চাদৰৰ ভাঁজে ভাঁজে
মৰম বোলাবা উষ্ণ হাতে 

তুমি অহা বাটৰ ৰৌদ্ৰ প্ৰান্তত ৰুই দিম মই
ফুলৰ অৰণ্য
মোৰ উৰ্বৰা ৰসাল পথাৰত 
সিঁচি দিবা তুমি প্ৰজন্মৰ সেউজ শস্য

তুমি সুহুৰিওৱা ওঁঠৰ উমত
মই উমলিম 
তোমাৰ বুকুৰ চেনেহ স্পৰ্শত
মই উথলিম 

ক্লান্ত দেৱদাৰুৰ ছাঁ গছকি 
ৰৈ থাকো মাথো তোমাৰ বাবে

উপবাসী যৌৱন
নিষিদ্ধ বাসনা
অভিসাৰী মন
তুমি অবিহনে নিঃসঙ্গ সময়
তুমি অবিহনে অশান্ত সময়

তুমি অবিহনে উদাসীন 
এই দিন
এই পল....

হে প্ৰিয়,
তোমাৰ বাবে উন্মুক্ত মোৰ উমাল হৃদয় ।....

     ✍️বৰষা কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)