বহু উজাগৰী নিশা কেৱল মাথোঁ তোমাৰ বাবে।
তোমাৰ বাবেই কেতিয়াবা সৃষ্টি হয় নতুন দিগন্ত,
তোমাক পাবৰ বাবেই হেজাৰ পৰিকল্পনা ।
তোমাৰ নতুন চেতনাই আনি দিয়ে হেজাৰ সূচনা,
তুমি জীয়াই ৰাখা হেজাৰ জনতাক।
প্ৰতিটো দিন কেৱল তোমাক পোৱাৰ সাধনা,
প্ৰতিটো খোঁজতে মাথোঁ তোমাক পোৱাৰ আকাঙ্খা ।
সপোন, তুমি সচাঁকৈয়ে অদ্ভুত।
✍️ সুস্মিতা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ