নৱবৰ্ষৰ শুভেচ্ছাৰে•শিল্পী দাস

Rinku Rajowar
0
নৱবৰ্ষৰ শুভেচ্ছাৰে...
আজি চিঞাঁহীৰ কোণত, 
অজস্ৰ শব্দৰ মালা গাঁথিছে।
শীতৰ কুঁৱলীসনা ধূসৰিত কাঁইটৰ
আঁৰে-আঁৰে নতুনৰ প্ৰতিশ্ৰুতি হৈ...
আজি ২০২৪ চনে জন্মগ্ৰহণ কৰিলে,
পদূলিমুখৰ ৰক্ত জবাফুলেও
নৱবৰ্ষৰ পৰশ উপভোগ কৰাত সমভাগী হ'লে।
শুভেচ্ছাৰ ভাণ্ডাৰত আজি
নৱবৰ্ষৰ শুভেচ্ছাই পূণ্য বিৰাজ কৰি আছে,
সকলোৰ মুখে মুখে...
আঙুলিৰ আগে আগে...
শুভ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাই
হাবাথুৰি খাই আছে।
নিত্য নতুন সুপ্ৰভাতৰ শুভেচ্ছা
অৱহেলিত নহ'লে পাহৰি গৈছে,
নৱবৰ্ষৰ শুভেচ্ছাৰে...।
অতি আবেগত মগ্ন হৈ...
মইও সকলোৰ আগত নিবেদিছোঁ,
মোৰ তৰফৰ পৰা হিয়া ভৰা নৱবৰ্ষৰ
আন্তৰিক শুভ কামনা।
নৱবৰ্ষৰ শুভেচ্ছাৰে...
প্ৰণিপাত কৰিবলৈ চেষ্টা কৰিলোঁ,
কবিতাৰ আকাৰত অজস্ৰ শব্দৰ মালা।

         ✍️ শিল্পী দাস (প্ৰিয়)
  ভালুকমাৰী,ৰাণীপুখুৰী(হোজাই)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)