তথাপিও বহুত বেছি আপোন
আৱেগৰ সঁচা শব্দবোৰো যে
অভিমানী হৃদয়ৰ পৰা হঠাতে
নিগৰি আহে কবিতাৰ দলিচা পাৰি
সুখৰ এটি এটি মুকুতা বুটলিবলৈ।
শব্দবোৰ হৃদয়ত সাঁচি নথও
ক্ষন্তেকতে ভাৱনাৰ সাগৰৰ পৰা
উটি ভাহি আহি দুচকুত ভাহে
কবিতাৰ ছন্দত শব্দবোৰে নাচি
মন মোৰ উতনুৱা কৰি বাউলী কৰে।
কেনেকৈ লিখিম কেনেকৈ আকিম
শব্দৰ মালাৰে কেনেকৈ এটি
মনপৰশা কবিতা গুঠিম
সেয়া কেতিয়াও কল্পনা কৰি নথও
শব্দবোৰ আহিহে বাৰে বাৰে আমনি কৰে ।
মোৰ সপোন আৰু দিঠকৰ
জগতত কেৱল কবিতাৰ ছন্দ
কেৱল মাথোঁ কবিতাৰ বাবে
এটি এটি জোনাকৰ শব্দ
দলিচা পাৰি ৰৈ থাকোঁ
অপেক্ষাৰে আগ্ৰহেৰে
কেৱল মাথোঁ শব্দৰ মালাৰে
কবিতাৰ শিৰোনাম দিব'লৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ