শিশু উপন্যাস " ছবি" খণ্ড ২ -তিলোত্তমা মহন্ত গোস্বামী

©Admin
0
উৎপলৰ মনে মনে বহুত বেয়া লাগিল। সেইদিনা তাৰ গাত অলপো দোষ নাছিল। তাৰ লগৰ ৰাতুলক আগতে এদিন সি কৈছিল -
-'মই বেটেৰী, ৱায়াৰ আৰু টচৰ বাল্প ব্যৱহাৰ কৰি লাইট জ্বলাব পাৰোঁ ।' সেইবাবে বস্তুকেইটা ৰাতুলে লৈ আনিছে, তাক শিকাই দিব লাগে। উৎপলক বস্তুকেইটা  চাব'লৈ দিছিল। 
সেইকেইটা হাতত লৈ উৎপলে ৱায়াৰডালৰ মূৰ দুটা জোৰা লগাব খোজোতেই ছাৰ আহিল।
সি খৰখেদাকৈ বেগত ভৰাই থলে। কেনেকৈ কৰিব লাগে সেইকথা ৰাতুলে সুধি আছিল। সি তাক সৰু সৰুকৈ বুজাই থাকোঁতেই ছাৰে তাক ধৰিলেই নহয়।
উৎপলে ছাৰক ৰাতুলৰ কথা নকলে। 
পঢ়া-শুনাত বেয়া হ'লেও বন্ধুত্ব ৰক্ষা কৰিব উৎপলে জানে। 
নিজে মাৰ খালেও বন্ধুক বিপদত নেপেলায়। সেই স্বভাৱটোৰ বাবে বন্ধুবৰ্গৰ লগত উৎপল মিলি-জুলি থাকে।  
        উৎপল আছিল এজন মধ্যবিত্ত খেতিয়কৰ তিনিটা পুত্ৰ সন্তানৰ মাজু। উৎপলৰ বাহিৰে বাকী দুটা পঢ়া-শুনাত বৰ চোকা। 
মাজু ল'ৰা উৎপল আছিল- ভাবুক। 
উৎপলৰ পঢ়া-শুনাত অলপো মন নাই। সেইবাবে দেউতাকে তাক গালি-গালাজ কৰিয়েই থাকে। 
মাকে খাওঁতে-শোওঁতে কেৱল তাক ভালদৰে পঢ়িব'লৈ বুজনি দি থাকে। তথাপি তাৰ পঢ়া-শুনাৰ প্ৰতি কোনো ধাউতি নাই। 
গালি খালেও সি মুখেৰেও একো নকয়। পঢ়া-শুনাও একো নকৰে। 
স্কুলৰ পৰা আহি কিতাপ-পত্ৰ পেলাই কণা-মুনাকৈ হাত-ভৰিত পানী অকণ ঢালি ভাতকেইটা খাব পাৰিলে তাক আৰু পাই কোনে। টলৌ টলৌকৈ ক'তনো ঘুৰি নুফুৰে। তাৰ যেন কামৰ অন্তই নাই; জগতখনৰ সকলো চিন্তা যেন সিহে কৰিব লাগে।
কাৰ ঘৰৰ কুকুৰজনীয়ে কেইটা পোৱালি দিলে, সেইকথা উৎপলে জানে।
কোন জোপা গছত চৰায়ে কণী পাৰিছে তাৰ খবৰ সি ৰাখে। সিহঁতৰ তগৰ ফুল জোপাতে পাতসীয়া চৰায়ে কণী পাৰিছিল, এতিয়া পোৱালি হ'ল। এইবোৰ খবৰ সি ৰাখে। সি সেইবোৰ সদায় চাই থাকে, কিন্তু কাকো একো নকৰে। জীৱ- জন্তুৰ প্ৰতি তাৰ অগাধ মৰম। 
     পথাৰত গৈ বৰশী বোৱা তাৰ বৰ নিচা। বাৰিষাকালি আহিলে তাৰ চকুত টোপনি নোহোৱা হয়। স্কুলৰ পৰা আহি  মাছৰ কাৰণে টোপ বিচাৰি ফুৰে। কেতিয়াবা বৰল, কেতিয়াবা কেঁচু। কেঁচু খান্দিবলৈ গৈ গোহালিৰ পাছফালে থকা গোবৰৰ দমটো ফেনা-ফেন কৰে। তাৰ পাছত বৰশি লৈ ওলাই যায়। পথাৰৰ পথটোৰপৰা ধাননিৰ মাজত বৰশি টোঁৱাই টোঁৱাই কাৱৈ, গৰৈ, পুঠি, খলিহা কেইটামান ধৰি আনে। বেলাটো এনেকৈ ফুৰি সন্ধিয়া ঘৰলৈ ঘূৰি আহি চুচুক-চামাককৈ দেউতাকক চাব। 
দেউতাক কিবা কামত ব্যস্ত থাকিলে মনে মনে ভৰি-হাত ধুই তুলসীৰ তলত ধূপ দুডাল জ্বলাই ভেটিটোতে খুচি দি চিঞৰি চিঞৰি প্ৰাৰ্থনা গাব -
- 'তুমি চিত্ত বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ..' প্ৰাৰ্থনাৰ শেষত ক'ব -
-'হে ভগবান পৃথিৱীৰ সকলোৰে মঙ্গল কৰা।'
  এইদৰে সেৱা কৰিয়েই সি খৰখেদাকৈ পাকঘৰ পাবগৈ। 
 মাকে আটাইকেইটাকে দিয়া গাখীৰপানীখিনি খাই সকলো পঢ়াৰ টেবুলত বহিব। 
উৎপল তাৰ ব্যতিক্ৰম। সি মাকক ভোক লাগিছে আৰু কি খাম, ৰাতিৰ সাজত মাকে কি ৰান্ধিব সেইবোৰ কথা উলিয়াই মাকৰ লগত পাকঘৰতে থাকিব।
যেতিয়া দেউতাক ভিতৰলৈ অহাৰ গম পাই,- একেজাঁপে পঢ়া-টেবুল পায়গৈ।
পিছে টেবুলত বহে হে,কিতাপ পঢ়িবলৈ অলপো মন নকৰে। কিতাপখন আগত মেলি লৈ দুবাৰমান কিতাপৰ পাত কেইটা লুটিয়াই ছবি চাই তাৰপাছত কাটাকম্পাচ বা কলম এটা লৈ খুচখুচ খাচ-খাচকৈ হাত  দুখনে কিনো কৰি থাকে জানোঁ ! মুঠতে পঢ়াৰ বাহিৰে তাৰবাবে সকলো কামেই সহজ। কিতাপৰ বেটুপাত, বহী সকলোতে ছবি আঁকি ভৰাই থৈছে। 
তাৰ কাৰণে মাক দেউতাকৰ বৰ চিন্তা। পঢ়া শুনা নকৰি সি কি কৰি খাব!
দেউতাকৰ দৰে খেতি কৰি খাবলৈয়ো আজি কালি ভালকৈ খেতি নহয়। তাতে বানপানী আছেই। ইমান কষ্ট কৰি সিহঁতে কেনেকৈ খাব। পঢ়া-শুনা কৰি চাকৰি এটা যোগাৰ কৰিব পাৰিলে মোৰ দৰে কষ্ট নকৰিলেও হ'ব। দেউতাকে তেনেকৈ ভাবিয়েই সিহঁতকেইটাক সকলো যোগাৰ দি ভালকৈ পঢ়িবলৈ কৈছে। বাকী দুটাই বুজিছে। উৎপলৰ যেন তেওঁৰ কথা একাণে সোমাই একাণে ওলাই যায়। 
      মাক-দেউতাকৰ উৎপলৰ কাৰণে অনেক চিন্তা। তাৰ কাৰণে নকৰিব'লৈ একো বাকী ৰখা নাই। চোৱা-চিতা, পূজা-সেৱা, দান-দক্ষিণা মুঠতে যিয়ে যি কৈছে তাকে কৰিছে।
উৎপলৰ ককায়েক-ভায়েকৰ ৰিজাল্ট শুনি ওচৰৰ মানুহে সিহঁতক প্ৰশংসা কৰি উৎপলৰ কথা কয়- 
-'মাজুটোহে বৰ গাধা হ'ল, মাকে তাক কি খাই জন্ম দিছিল জানোঁ।'


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)