হেঁপাহৰ ভোগালী-সঞ্জীৱ চৰকাৰ

©Admin
0
আমি অসমীয়া জাতি
বিহু আমাৰ স্বভিমান 
বহাগ বিহু ৰঙালী
কাতি বিহু কঙালী
শেষৰ বিহুটি ভোগালী ‌
মাঘত আমি সবে
আনন্দেৰে এসাজ খাই কৰো ৰং ধেমালি..!

নানা ৰং ধেমালি কৰো বাবেই
বহাগ বিহু ৰঙালী
গৃহস্থৰ ভঁৰাল উদং,জেপত ধনৰ আকাল বাবেই
কাতি বিহু কঙালী
মাঘত হেঁপাহেৰে সবে মিলি 
এসাজ খাও বাবেই 
মাঘৰ বিহু ভোগালী..!

ককা আইতা,খুৰা-খুৰী আৰু ভাই-ভনী
জুহালৰ পাৰত বহি 
ৰংমনে বনাই লাৰু পিঠা 
উদযাপন কৰে ভোগালী

মাহেক পূৰ্বৰ পৰাই 
ডেকা বুঢ়া সবে মিলি 
নৰাৰে মেজি ঘৰ সাজো
উৰুকাৰ ৰজনী সেই মেজি ঘৰত 
কত ৰং ধেমালিৰে এসাজ খাই 
সংক্ৰান্তিৰ পুৱা মেজি ঘৰ জ্বলাই
আঁতৰি যাওঁক বুলি জীৱনৰ বেদনা..!

কনিষ্ঠই শ্ৰেষ্ঠক কৰে শ্ৰদ্ধা ভক্তি
শ্ৰেষ্ঠই কৰে শত পূজা অৰ্চনা
নাই যাৰ কোনো তুলনা
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে
আহা সবে ওলাই 
একতাৰ প্ৰীতিৰে স্ব-সন্মান বজাই 
আপুৰুগীয়া বিহুটিৰ ৰক্ষা কৰো মান 
তেহে অসমীয়াৰ চোতালত
তমসা গুচি 
জোনাকৰ হ'ব নিজা নিলয়..!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)