আহ ওলাই আহ
পোহৰৰ ৰঙা বেলি ,
তোৰ বাবেই আছোঁ ৰৈ
শীতৰ শেতেলীত ঐ
মনে প্ৰাণে ভালপোৱা
ধৰিত্ৰী আই জনী ।
ঘৰঘৰ শব্দেৰে
গোটেই ৰাতি মেচিন চলে ,
নিশা হ'লে নাযায় টোপনি ।
গোটেই ৰাতি উজাগৰে
সিহঁতবোৰে কাম কৰে
জিৰণিৰ নাই যে সময় ,
পুৱা হ'লেই কাম শেষ
দুচকুৰ নাই লেশ
টোপনিয়ে হেঁচা মাৰি ধৰে ।
কুঁৱলীৰ আঁচল ফালি
সুৰুজে ভুমুকি মাৰে
পুহৰ ঠেঁটুৱৈ জানা
বছৰলৈ ঘুৰি নাহে ।
দিন গ'লে ৰাতি হয়
সকলোৱে কয় ,
নিশাৰ শেষত পুনৰ
সূৰ্যোদয় হয় ।
ৰাতি মানে হাতী
পুৱাৰ পোহৰ পালে
সকলো যায় আতি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ