ধৰ্মীয় গোড়ামী-আইমণি শইকীয়া

©Admin
0
ধৰ্মীয় গোড়ামী

সিদিনা বন্ধু এজনৰ ঘৰত দেউতাকৰ বছৰেকীয়া নাম এষাৰ খাবলৈ গৈছিল সি । প্ৰসাদ খোৱাৰ পাছত গৃহস্থই ভোজনৰ ব্যৱস্থা কৰিছিল। ভোজনৰ বাবে তিনি ঠাইত মানুহ বহিছিল । প্ৰথম ভাগত ভকত বৈষ্ণৱ সকল , তাৰ পিছত আদহীয়া লোকসকল আৰু গাৱঁৰ বয়সীয়াল আইতা আৰু অন্যান্য মহিলাসকল । ভকতে এফালৰ পৰা ভাত, দাইল দি গৈছিল । সিহঁতৰ লগতো আগলৈ কেইজনমান ভক্ত বহিছিল । বিলনীয়াজনে ভকতসকলক ভাত দাইল দি গৈছিল কিন্তু একেলগে বহি থকা স্বত্বেও বাকী চাৰিজনমান লোকক ভাত দিয়া নাছিল । তাকে দেখি সি ওচৰতে বহি থকা ব্যক্তিজনক অলপ উষ্মাৰেই ক'লে - 

: দেখিলেনে একেলগে ভোজন কৰিবলৈ বহা একেশাৰীৰ প্ৰথম চাৰিজনক ভকতে ভাত, দাইল, মাছ আদি দি থৈ গ'ল কিন্তু কাষতে বহি থকা বাকী চাৰিজনক নিদিয়াকৈ গুচি গ'ল ? আৰু ইটো শাৰীত বহা হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰা বাইদেউ দুগৰাকীকো ভকতীয়া বিলনীয়ে ভাত দাইল একো নিদিলে ? এইবোৰ কি মানে ? হেৰৌ গুৰুৱে সমাজখন একতাৰ দোলেৰে বান্ধিবলৈ চাই আৰু ভকতে ভাগ ভাগ কৰিবলৈ চায় । এইবোৰ কি মানে ? ভকতৰ হাতেৰে ৰন্ধা খাদ্য খাবলৈ এই অৱসৰপ্ৰাপ্ত বাইদেউ দুগৰাকীয়ে এতিয়া ভজনীয়া হ'ব লাগিব নেকি ? জানে বাইদেৱে জীৱনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যিমান জ্ঞান আৰু শিক্ষা বিলালে সেই অনুপাতে দুদিন আগলৈকে মদ, ভাং, ধঁপাত, বিড়ি খাই ঘুৰি ফুৰা এই ভকত সকলে তাৰ আধা বাদ দিলে । এক অংশ শিক্ষা প্ৰদান কৰিব পৰা ক্ষমতা নাই । লিখা-পঢ়া নজনা বহুতো লোকে কোনোবা সত্ৰৰ সত্ৰাধিকাৰ গুৰুজনাৰ ওচৰলৈ গৈ শৰণ ভজনৰ মন্ত্ৰ শিকি আহি তাল বজাবলৈ শিকিলেই ডাঙৰ ভকত হৈ পৰে । আনক দেখুৱাই বাহিৰত ভক্তি কৰি ভিতৰি আসক্তি নেৰা এই ভকতসকলৰ পৰা দেশৰ জনসাধাৰণৰ কি লাভ হ'ব ? ভক্তি ভক্তি কৰি ধৰ্ম ধৰ্ম কৰি গাঁৱৰ সাধাৰণ মানুহখিনিক বুৰ্বক সজাই পেলাইছে । নিজৰ পৰিয়ালৰ পুতেক, জীয়েক, বোৱাৰীয়েকৰ হাতেৰেই অন্ন-জল গ্ৰহণ কৰিব নিবিচৰা এইসকল ভকতেই আকৌ বজাৰৰ বা দোকানৰ পৰা অনা ৰসগোল্লা সন্দেশ লালমোহন বিস্কুট আদি গো-গ্ৰাসে খাব পাৰে । দেখিলেই কিবা ভণ্ড ভণ্ড যেন লাগে এইচাম লোকক । শেষ মূহুৰ্তত আকৌ চুলাই মদ এটুপি খাই বৈ হে মৰা ভকত এই অঞ্চলত বহুতো দেখিবলৈ পোৱা যায় । গতিকে লেই লেই চেইচেই কৰা বন্ধ কৰিবৰ হ'ল । 
অলপ উশাহ লৈ সি পুনৰ আৰম্ভ কৰিলে - 
গৃহস্থই একেলগে বহাই ভাত খাবলৈ মাতি অনাৰ পিছত ভকতৰ এই ভাগ ভাগ সেয়া হয়তো একেবাৰে অমানৱীয় বা বৰ দৃষ্টিকটু হৈ পৰে । কাৰণ আদহীয়া বয়সৰ এই লোককেইজনে ৰভাখন নিদিয়া হ'লে অন্যান্য কামবোৰ নকৰা হ'লে আজি ভকতে কেৱল ৰাতিপুৱা আহিয়েই সকলো কাম কৰি মাহ প্ৰসাদ উলিয়াই ভোজভাত খোৱাৰ যোগাৰ কেতিয়াও কৰিব নোৱাৰিলেহেঁতেন । যদি এইলোককেইজনে অলপ অভিমান কৰি সমাজলৈ অহা বাদ দিয়ে তেতিয়া ভকতসকলে ( প্ৰতিটো খেলৰ নাম মাত্ৰ দুই চাৰিজন ভকত) একোখন খেলৰ দায়িত্ব চম্ভালিব পাৰিব নে ? সেইকাৰণেই মই নামঘৰলৈ নাযাওঁ । সমাজ খেল সকলো বাদ দি ঘৰতে থাকি কিবা এটা কৰোঁ । এই ভণ্ড সমাজৰ ভূমিকা মোৰ জীৱনত বহুত দেখিলোঁ । গৃহস্থ ঘৰে কিবা এটা আয়োজন কৰিবলৈ ল'লে সিহঁতৰ মতেহে হ'ব । যেন বিপদত ভকতসকলেহে পৰি আছে । 

কথাষাৰ মিছা নহয় । ভকত সকলৰ এই কথাবোৰেই এখন সমাজক বিপদত পেলায় । ধুতি নীতিৰ নামত এইবোৰ কৰিব নাপায় । বেয়া পায় বহুতে । আপুনিয়েই ভাৱকচোন আজিৰ যুৱক যুৱতীসকল কৰ্মমুখী হৈ পৰিছে । এইবোৰ কৰি থাকিবলৈ কাৰো সময় নাই । এসময়ত হয়তো এই ধৰ্ম কৰ্ম সকলো নাইকীয়া হৈ যাব । আমি ভাৱিবলৈ হ'ল ।
ওচৰত বহি থকা ব্যক্তিগৰাকীয়ে তেওঁৰ সমগ্ৰ কথাখিনি শুনি লাহেকৈ মূৰ দুপিয়ালে আৰু তেওঁক উত্তৰত কʼলে-
তুমি ঠিকে কৈছা। আনহাতে, এনেধৰণৰ কাৰ্যবোৰ যে আটাইবোৰ ভকতে কৰে তেনেকুৱাও নহয়। সকলো সমাজতে ভাল-বেয়া উভয় ধৰণৰ মানুহ থাকে। কিন্তু তুমি কোৱাৰ দৰে- এইবোৰ কাৰণত সামাজিকভাৱে আয়োজিত অনুষ্ঠানবোৰত মানুহে একগোট হোৱাৰ ধাউতিটোও কমিব। এইবোৰ কোনোপধ্যে গ্ৰহণযোগ্যও নহয়। আমি সকলোৱে উচ্চ নিম্ন বিচাৰ নকৰি - সকলোকে মানুহ বুলি গণ্য কৰিব লাগে। লগতে, আমি ভবাটো উচিত যে মহাপুৰুষজনাই যিদৰে আমাৰ অসম মাতৃভূমিত জন্মা প্ৰতিগৰাকী মানৱক একতাৰ ডোলেৰে বান্ধি ৰখাৰ সপোন দেখিছিল। তাক সাৰ্থক কৰিবলৈ সকলোৱে সকলোকে মানুহ হিচাপে গণ্য কৰি হাতে হাত ধৰি শুভ কাৰ্যবোৰত সঁহাৰি হোৱাটো শ্ৰেয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)