অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ মাঘ বিহু বা পুশনা উদ্দযাপন পদ্ধতি-নাছিৰ আহমেদ

Rinku Rajowar
0
বিহু অসমৰ জাতীয় উৎসৱ। জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে অসমৰ সকলো জনগোষ্ঠীৰ মানুহে বিহুৰ বিনন্দীয়া ৰূপত বিভোল হৈ নানা ৰং-ৰহইচত মতলীয়া হৈ পৰে।
প্ৰত্যেকটো বিহু উদ্ যাপনৰ লগত সাঙোৰ খাই আছে ভালে সংখ্যক সুনিৰ্দিষ্ট লোকাচাৰ, ভাববোধ,লোক-বিশ্বাস, ৰং-ৰহইচ, খেল-ধেমালি আৰু লোক নৃত্য গীতৰ অনুষ্ঠান।
এই বিলাক অৰ্থনৈতিক, সামাজিক , ধৰ্মীয় আদি বিভিন্ন দিশৰ অনেক প্ৰয়োজনীয় উদ্দেশ্যৰ সম্পূৰক। কৃষি উৎপাদন বৃদ্ধি, পশুধন লালন-পালন, আধ্যাত্মিক আচৰণ, স্বাস্থ্যৰক্ষা তথা শৰীৰ চৰ্চা,প্ৰেম-প্ৰীতি, শ্ৰদ্ধা, ভাৱৰ আদান-প্ৰদান,গঞা,জাতি আৰু আলহী -অতিথিক সেৱা-যত্ন, বল-শক্তি আহৰণৰ কামনা, পৰিয়াল আৰু গঞা ৰাইজৰ, জাতিৰ মঙ্গল কামনা, সামাজিক বন্ধন,ঐক্য-সংহতি আৰু সম্প্ৰীতি আদিৰ তাৎপৰ্য নিহিত হৈ আছে।
বিহু উদ্ যাপনৰ কাৰ্যকলাপ তথা লোকাচাৰবোৰত আকৌ বহু যুগ যুগ ধৰি অতি প্ৰাচীন কালৰে পৰা অনেক জনগোষ্ঠী, জাতি-উপজাতিৰ সাংস্কৃতিক উপাদানৰ সু-সমন্বয় ঘটিছে। 
আনহাতে সকলো লেখক-গৱেষকে এই কথাত একমত হৈছে যে, অন্য বহুতো লোক উৎসৱৰ দৰে বিহুও মূলতঃ কৃষি-ভিত্তিক উৎসৱ।
অসমৰ প্ৰধান শস্য শালিধানৰ খেতিৰ লগত জড়িত তিনিটা বিশেষ পৰিৱেশত অনুষ্ঠিত হৈ আহিছে অসমীয়া জাতিৰ তিনিটা বিহু উৎসৱ।

ভাষাতাত্ত্বিক দিশৰ পৰা " বিহু" শব্দৰ উৎস সম্পৰ্কে বিভিন্ন দৃষ্টি কোণেৰে বিশ্লেষণ কৰা পৰিলক্ষিত হৈছে।
ডঃ মহেশ্বৰ নেওগ দেৱে লিখিছেঃ ভাষাবিদে কয় ,বিষুবৎ " এই সংস্কৃত শব্দৰ পৰা বিহু শব্দ ওলাইছে।

কিছুমান পণ্ডিতে বড়ো ভাষাৰ বৈখৎ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে বুলি মন্তব্য কৰিছে। চৈয়দ মহিবুল্লাই " আমাৰ সংস্কৃতিৰ ৰেহ ৰূপ" শীৰ্ষক এটি তত্ত্ব গধুৰ প্ৰৱন্ধত এনেকৈ লিখিছে যে বিহু উৎসৱ কৃষিজীৱি মানুহৰ উৰ্বৰা বিশ্বাসৰ ওপৰত জন্ম। সম্ভৱতঃ অষ্ট্ৰিক সংস্কৃতিয়ে লুইতৰ পাৰত বিকাশ লাভ কৰাৰ সময়তে এই উৎসৱৰো উৎপত্তি হৈছিল।
আজি এই উৎসৱৰ লগত সৰ্ব ভাৰতীয় কিছুমান উৎসৱৰ ধাৰণাৰ মিল পোৱা যায়। এই ক্ষেত্ৰত উৰিষ্যাৰ পোষ-সংক্ৰান্তি, তামিল নাডুৰ পুংগল, কেৰালাৰ বিচু, পঞ্জাৱৰ বৈশাখী ,উত্তৰ ভাৰতৰ ফাকুৱা, পশ্চিমবঙ্গৰ বৈশাখী উৎসৱ, অবিভক্ত গোৱালপাৰা জিলাৰ বিষমা আৰু পুশনা আদি। মাঘ বিহুত অনুষ্ঠিত গৰু বিহু বৈদিক ধাৰণা সিক্ত যেন লাগিলেও গৰুক মাহ-হালধী, বেঙেনা, কেৰেলা, থেকেৰা,জাতি লাউ দি গা ধুওৱা পদ্ধতি অষ্ট্ৰিক জনগোষ্ঠীৰ। সেই দৰে মাঘ বিহুৰ জুইকুৰা অষ্ট্ৰিক সকলৰ পৰা আহিলেও পাছলৈ বৈদিক ধাৰণা আৰু মন্ত্ৰ সংযোজিত হৈছে।

যিকি নহওক, আমি অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ লোকসকলে উদ্ যাপন কৰা মাঘ বিহুৰ বিষয়ে আলোকপাত কৰিবলৈ প্ৰয়াস কৰিম।
অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে এই দেশী জনগোষ্ঠীৰো মাঘ বিহু ( যাক দেশী জনগোষ্ঠীয়ে পুশনা বা দোমাসী বুলি কয় ) সম্পূৰ্ণ ৰূপে কৃষি-ভিত্তিক। কৃষিজীৱি জনসাধাৰণে শালি ধানৰ খেতি উৎপাদন, সংৰক্ষণ, শ্ৰীবৃদ্ধি আৰু চপোৱাৰ অনুষ্ঠান বুলি কব পাৰি।
দৰাচলতে পুহ-মাঘৰ সংক্ৰান্তি বা পুশনা বা দোমাসীক এই দেশী জনগোষ্ঠীৰ জাতি -ধৰ্ম-বৰ্ণ -নিৰ্বিশেষে আবাল-বৃদ্ধ-বনিতা সকলোৱে অতি ধুমধামেৰে বিভিন্ন পদ্ধতিত উদ্ যাপন কৰে ।
আঘোণ মাহৰ শেষত " ন" ধান কটাৰ সময়ত গাঁৱৰ চেঙেৰা সকলোৱে (চেঙেলীয়া ল'ৰাবোৰে) দল বান্ধি ধান, পইচা মাগি ফুৰে । ল'ৰাবোৰে হাতত দাং লাঠি লৈ আৰু বাঁহেৰে সজা কিছুমান বাদ্যযন্ত্ৰ লৈ সেইবোৰ বজাই গীত গাই গাই গোটেই পুহ মাহটো ঘৰে ঘৰে মাগি ফুৰে। ইয়াক অবিভক্ত গোৱালপাৰা জিলাৰ দেশী ভাষাত " শিৱশিৱো" বা অৰীয়া বা এউৰী বুলি কোৱা হয়।
ইয়াৰ পিছত সংগৃহীত ধান, পইচাৰে দোমাসীৰ ( দোমাহী) দিনাখন ল'ৰাবোৰে লগ ভাত বা পুশনা খায় । পথাৰত নৰাৰে সজোৱা ভেলাঘৰত বা মেজিঘৰত " পুশনা" খোৱাৰ পিছত ৰাতিপুৱাৰ আগতে ভেলাঘৰটো পুৰি দিয়ে ।
আনহাতে কিছুমান অঞ্চলত লগভাত বা " পুশনা" খোৱাৰ আগতে চৰণীয়া পথাৰৰ বিৰিণা বনৰ থোপাত ৰাখাল ঠাকুৰক সেৱা আগবঢ়ায়। নতুনকৈ পোৱালী জগোৱা গাইৰ গাখীৰ আনি উক্ত বিৰিণাৰ থোপাত ৰাখাল ঠাকুৰক উদ্দেশ্যে ঢালি দিয়া হয়। 
"পুশনা" ৰ আগৰ দিনা দেশী জনগোষ্ঠীৰ সকলো কৃষিজীৱি ৰাইজে ঘৰৰ জীৱ-জন্তুৰ বিশেষকৈ গৰু, ম'হ , ছাগলী আদিক পৰিষ্কাৰকৈ গা ধুৱাই ' ন' পঘাৰে বান্ধি চোতালৰ আগত কুমলীয়া ঘাঁহ বা গছৰ কোমল পাত খাবলৈ দিয়ে। তাৰ পিছত সৰিয়হ তেলেৰে জীৱ-জন্তুবোৰৰ শিং ঘঁহি ঘঁহি চিকচিকীয়া কৰা হয় আৰু জীৱ-জন্তুসমূহ‌ বেমাৰ-আজাৰ বা অপায়-অমঙ্গলৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে লোহা গৰম কৰি গাত ছাব মাৰি দিয়ে । 
যি কি নহওঁক, দেশী জনগোষ্ঠীৰ চেঙেৰা সকলোৱে ( চেঙেলীয়া ল'ৰাবোৰে) ঘৰে ঘৰে গাই ফুৰা " শিৱশিৱো" বা উৰিয়া বোৰ অতি আকৰ্ষণীয় সুৰ-যুক্ত । এইবোৰ গীতৰ মাজেদি কৃষিজীৱি ৰাইজৰ ৰং-বিৰঙৰ চিত্ৰ অতি সুন্দৰকৈ প্ৰস্ফুটিত হৈছে।
তলত কেইটামান গীত উল্লেখ কৰা হ'ল, --------
"উৰিয়া ৰে উৰিয়া 
মাও লক্ষী চড়িয়া,
মাও লক্ষী দিলে বৰ
ধান-কুলাতো বাইৰ কৰ ।"

" সতীন-ৱতীন বহুদূৰ 
কিনি আনবে চম্পাফুল
চম্পা ফুলেৰ বাসতে( সুগন্ধি)
সাগাই আইসে পাছতে
টেঙনা মাছেৰ তিন কাঁটা
জামাই( জোঁৱাই)শালা নেজকাটা( নিলাজ 

" অৰিয়া ৰে অৰিয়া 
হাতীৰ কাণত চড়িয়া
হাতীৰ কাণ ঢলমল কৰে
ঢোপা বাইগন গাছত ধৰে
ঢোপা বাইগন ছিৰি পাত
ৰাখালে খায় কৰকৰা ভাত  
কৰকৰা ভাত খায়াৰে
হিন জল তুলি যায়া ৰে 
হিন জল তুলিত বাঘেৰ ভয় 
বাঘা -বাঘিনী কয় 
অ ৰে ৰাখাল ভাই 
তোমাৰ গইলত( গোহালিত) কতো গাই 
তাৰে আমি দুদু খাই
দুদু ( গাখীৰ) খায়া লৰি চড়ি
ভগৱানক ভৰষা কৰি ।
(বাইগন ( বেঙেনা) কৰ কৰা ভাত ( কৰ্কৰা ভাত)
" কচু পাতা ঢাপা ঢাপা 
তাতে ফেলালুং ছাই 
হাতী আসিল , ঘোঁৰা আসিল ফুল মনেৰ ভাই ,
ফুল মনেৰ ভাই ৰে
উৰণী কইতৰ ( পাৰ )
উৰি উৰি বেৰায় ৰে ঘোপাৰ ভিতৰ 
ঘোপ নাই ,তোপ নাই
সাত খান পিতল
সাত খান পিতলেৰ
আঠ খান নাও
তাতে চড়িয়া বেৰায়
দুৰ্গাৰ মাও,
দুৰ্গাৰ মাও ৰে হাসিছে
কালা কালা চেঙৰীগুলা ( ছোৱালীবোৰে) নাচিছে
আইসো সখী জলে যাই
জলে যাইতে শ্ৰী ফল খাই 
শ্ৰী ফল খাইতে লাগিল কাঁটা
হসকাও ৰে সতীনেৰ বেটা।"
এইধৰনে" শিৱশিৱো " বা অৰীয়া গীতৰ মাজেদি গোটেই পুহ মাহটো ল'ৰাবোৰে চোতালে চোতালে ৰং-ৰহইচ কৰি চাউল বা টকা সংগ্ৰহ কৰি ফুৰে  ; উদ্দেশ্য দোমাহীত পুশনা খোৱা।
ঠিক তেনেদৰে ডাঙৰৰ দলটোৱে ঢোল-বাদ্য ,দোতৰা, বাঁহী আদি লৈ কিছুমান ল'ৰাক" ছুকৰী" বনাই দেশী ভাওৱাইয়া, চটকালী আদি গীত আৰু নৃত্যৰে প্ৰতি ঘৰৰ চোতালে চোতালে গৈ আনন্দৰ জোঁৱাৰ তুলি চাউল,ধান,টকা মাগি ঊ, উদ্দেশ্য একেটাই পুশনা খোৱা। ইয়াৰ উপৰিও আন এটি দলে পাহাৰৰ হিংস্ৰ জন্তু বিশেষকৈ বাঘক খেদি পথাৰৰ শইচ বা সন্তান আদিক বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ ঢোল-বাদ্য দোতৰা বাঁহী আদি লৈ " সোণাৰায়ৰ গীত" পৰিৱেশন কৰি ধান, চাউল বা টকা মাগি ফুৰে। তলত " সোণাৰায়ৰ গীত" ৰ এটি নমুনা দিয়া হ'ল।

" পয়াৰ
বাঘা দুলদুল কৰে
শুনি ভয় লাগে
পদ
হুমহুম গুমগুম বাঘেৰ ঢাকৰোল
মণ্ডপ ছাড়িয়া বাঘা কৰে আগমন
আগে একলা আইলো বাঘা
শুনো তাৰ কথা
মূলাৰ মতো দাঁত বাঘাৰ
ঢাকেৰ মতো মাথা।
আৰো একনা আইলো বাঘা
নাম তাৰ হই
গোৱালক মাৰিয়া বাঘা 
নিজে বেচায় দৈ।
আৰো একনা আইলো বাঘা
নাম তাৰ উমা
ৰাখালক মাৰিয়া বাঘা
নিজে দেয় ধূমা ।
আৰো একনা আইলো বাঘা
নাম তাৰ হৰা 
চাণ্ডালক মাৰিয়া বাঘা
নিজে মাৰে ঘোঁৰা।
ফকীৰ নোৱায়, ( নহয়) বৈষ্ণম নোৱায় 
ভীক্ষা কৰি খায়
সোণাৰায়েৰ নামে মাগিয়া বেৰায় ।"
এনেদৰে ভীক্ষা,দক্ষিণা মাগি মাগি সোণাৰায়ৰ গীত পৰিৱেশন কৰা দলটিয়ে মাঘ বিহুৰ দিনা অৰ্থাৎ দোমাসীত মাছ পুৰি আৰু মঙহেৰে ভাত খাই পৰম তৃপ্তি লাভ কৰে।
থুলমূল ভাবে অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ লোকসকলে মাঘ বিহু বা পুশনা বা দোমাসী উদ্ যাপন কৰা দেখা যায়।
এই পুশনা বা দোমাসী উৎসৱত  দেশী জনগোষ্ঠীৰ দেশী মুছলমানসকলেও প্ৰাচীন কালৰে পৰা অতোঃপ্ৰোত ভাবে জড়িত হৈ আছিল যদিও বৰ্তমান ধৰ্মীয় গোড়ামীৰ চাপত পৰি কিছু পৰিমাণে পুশনা বা দোমাসী উদ্ যাপন কৰাৰ পৰা বিৰত থকা দেখা যায় যদিও এতিয়া আকৌ নতুনকৈ পুশনা বা দোমাসী উৎসৱ পালনত উঠি পৰি লাগিছে।


◾নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা।
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)