সময়বোৰো যে হাতৰ মুঠিৰপৰা এৰিছে;
নাই, আজিলৈ কিন্তু খবৰ পোৱা নাই তোমাৰ।
কেনে আছা বাৰু তুমি?
সেই যে আঁহতজোপা
এতিয়াও মোলৈ চাই হাঁহি মাৰি
ৰিঙিয়াই তাৰ কাষলৈ মাতে জানা!
বুজিব পাৰে হয়তো
মোৰ হৃদয়ৰ গাঁথা।
যʼত এৰি গৈ মোক
দি গৈছিলা বুকুত বিৰহৰ যান্ত্ৰনা।
আঁতৰি গʼলা অনিৰ্দিষ্ট সময়ৰ বাবে
বুকু উজ্জ্বলাই দেশমাতৃৰ
উন্নতিৰ শিখৰত গীত গাই জয়ীৰ
অন্ধকাৰ ভেদি পোহৰাই তুলিবলে।
জানানে, সদায় যাওঁ আঁহতৰ তললৈ
কিজানিবা আহিছা তুমি
আননত হাঁহিৰ ৰেঙনি আঁকি
দুনয়নত হেজাৰ সপোন গাঁঠি
গৌৰৱৰ তীখা বুকুত বান্ধি।
আঁহত তলৰ ঠাইডোখৰ
এতিয়া যে মোৰ বুকুৰ আপোন;
অপেক্ষাৰ ক্ষণবোৰো কিন্তু বৰ মধুৰ।
ভাগৰি গৈ নিদ্ৰাদেৱীৰ কোলাত
মূৰ থোৱা নাই কেতিয়াও।
গৈছা ওলাই তুমি দেশৰ হকে
কোনোবা বীৰ বৈৰীৰ বিৰুদ্ধে
সাহসী যুঁজাৰু হৈ মনে-প্ৰাণে।
গৌৰৱান্বিত মই তোমাক লৈ
এজন দেশপ্ৰেমিকৰ মই যে অৰ্ধাঙ্গিনী;
প্ৰাৰ্থনা কৰোঁ সদায়েই
কুশলে যাতে থাকা প্ৰতিদিনে তুমি।
নকৰিবা কুণ্ঠাবোধ কেতিয়াও
সাৱটিবলৈ মৃত্যুক দেশৰ বাবে;
সীমান্তত চাগে চলিয়েই আছে যুদ্ধ
ভাগৰি নপৰিবা কিন্তু তুমি
সদায়েই প্ৰাৰ্থনা কৰিম তোমাৰ।
আৰু,
আৰু সদায়েই বাট চাই ৰʼম;
সৌ আহঁতজোপাৰ তলতেই
এক মধুৰ ক্ষণ গণি
ভৱিষ্যতৰ সোণালী স্বপ্ন বুকুত সিঁচি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ