সম্পাদকীয় • পঞ্চম বৰ্ষৰ প্ৰথম সংখ্যা

Rinku Rajowar
0
বিজ্ঞানৰ দ্ৰুত প্ৰগতিৰ সময়তে আমাৰ সমাজ ব্যৱস্থাত কিছুমান আসোঁৱাহ থাকি গৈছে। যিটো কাৰণত  যুৱসমাজৰ উচ্ছৃংখল বাঢ়ি গৈছে । সমাজিক ব্যৱস্থাৰপৰা আঁতৰি থকা এচাম যুৱক বেছিকৈ উচ্ছৃংখল হৈ পৰিছে। দৈনন্দিন জীৱনত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত তেনে এচাম যুৱকে উচ্ছৃংখল হৈ অনুষ্ঠানসমূহ সফল হোৱাত বাধা দিয়া দেখিবলৈ পোৱা যায়। 

বিশেষকৈ আমাৰ সমাজৰ এচাম যুৱক উচ্ছৃংখল হোৱাৰ মূলতে নিচাযুক্তদ্ৰব্য সেৱন। অতি কম বয়সৰ পৰাই নিচাযুক্ত দ্ৰৱ্যৰ প্ৰতি আসক্ত হোৱাৰ ফলত যুৱসমাজ বেয়া দিশে ধাৱমান হৈছে। যাৰ ফলশ্ৰুতিত এচামে নিজৰ মাক দেউতাককো সন্মান কৰিবলৈ পাহৰি গৈছে। বাটে- ঘাটে নিচাযুক্তদ্ৰব্য সেৱন কৰি অসভ্য আচৰণ কৰি ফুৰা যুৱচামে সমাজৰ অগ্ৰগতিত বাধা হৈ ৰৈছে।

বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষাগ্ৰহণ কৰি শিক্ষিত হোৱা বহু যুৱক উচ্ছৃংখল হোৱা দেখা যায়। তাৰ কাৰণ পঢ়ি থকাৰ অৱস্থাতে বহু ল'ৰাই নিচাযুক্ত দ্ৰব্য খায়। এইটো শুদ্ধ কথা, ভাল মানুহ হ'বলৈ কেৱল অনুষ্ঠানিক শিক্ষাই যথেষ্ট নহয়। লাগিব নৈতিক আৰু মূল্যবোধৰ শিক্ষা। বহু ক্ষেত্ৰত আমি মূল্যবোধৰ শিক্ষাৰ অভাৱত ক'ত কেনেকৈ থাকিব লাগে,কাক কেনেদৰে সন্মান কৰিব লাগে তাক পাহৰি আমাৰ অজ্ঞানতাৰ পৰিচয় দি আহিছোঁ । 

সামাজিক ব্যাধি দূৰ কৰিবলৈ এতিয়াও আমাৰ সমাজ শক্তিশালী নহয় । আমাৰ সমাজ ব্যৱস্থাই যুৱসমাজক পৰিচালনা কৰাত বিফল হৈছে। যিটোৱে সমাজক বহু পৰিমানে ক্ষতি কৰি আহিছে। যুৱসমাজক আওকাণ কৰি কিছুমান কাম কৰিবলৈ যাওঁতে যুৱসমাজ সমাজৰ প্ৰতি আকৰ্ষিত নোহোৱা পৰিলক্ষিত হৈছে।

যুৱ উচ্ছৃংখলতা দিনক দিনে বাঢ়ি গৈছে। ই সমাজ জীৱনৰ নানা দিশত বেয়াকৈ প্ৰভাৱ পেলাইছে। সৰু-ডাঙৰ সকলোৰে আগত অশ্লীল শব্দ ব্যৱহাৰ কৰাটো যুৱচামৰ বাবে স্বাভাৱিক হৈ পৰিছে। আনকি নিচাযুক্ত যুৱচামৰ সাজ-পাৰ, চুলিৰ ডিজাইন,ভাষা সকলোতে উচ্ছৃংখলতা বৈশিষ্ট্য বিৰাজমান। 

এখন দেশৰ ভৱিষ্যৎ যুৱ সমাজৰ ওপৰত নিৰ্ভৰশীল। গতিকে যুৱ সমাজ শক্তিশালী হ'লে দেখ এখনো শক্তি শালী হৈ থাকে। গতিকে যুৱসমাজক বেয়া দিশৰপৰা অতি সোনকালে সৎ পথলৈ অনা দায়িত্ব আমাৰ সকলোৰে আহি পৰিছে । এই ক্ষেত্ৰত আমি কিছুমান কথাত গুৰুত্ব দিয়াটো জৰুৰী হৈ পৰিছে। 
১/পিতৃ-মাতৃ তথা পৰিয়ালে নিচাযুক্ত দ্ৰব্য সেৱন আৰু উচ্ছৃংখলতা ৰোধ কৰাত প্ৰধান দায়িত্ব ল'ব লাগে। পিতৃ-মাতৃ দায়িত্বশীল ভূমিকাই সন্তানক সৎ পথত আগুৱাই যোৱাত সহায় কৰে । সৰুৰে পৰা মূল্যবোধৰ শিক্ষা সন্তানক দিব লাগে। 
২/এখন সমাজৰো  গুৰুত্বপূৰ্ণ ভূমিকা আছে। সমাজিক ব্যৱস্থাৰপৰা আঁতৰি থকাৰ ফলত এচাম যুৱক উচ্ছৃংখল আৰু নিচাপ্ৰতি আসক্ত হৈছে। সেয়ে সমাজ এখনে  সকলো ক্ষেত্ৰতে যুৱচামক গুৰুত্ব দিব লাগে।
৩/সচেতন সমাজে সজাগতামূলক সভা গাঁৱে-ভূয়ে  পাতি যুৱসমাজক সচেতন কৰিব লাগে।
৪/ জ্যেষ্ঠসকলে কনিষ্ঠসকলৰ লগত সম্পৰ্ক কেনেদৰে বজাই ৰখা উচিত তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। দেখা যায় সৰু বৰ সকলো মিলি অশ্লীল কথা-বাৰ্তা পাতে। নিচাযুক্ত দ্ৰব্যও লগতে সেৱন কৰে। ই ডাঙৰ অপৰাধ।
৫/দোকানীসকল সচেতন হোৱা উচিত। যুৱসমাজে নিচাযুক্ত দ্ৰৱ্য বিচাৰিলেও দিব নালাগে। বিচাৰি যোৱা যুৱকজনক নিজৰেই সন্তান বুলি ভাবিব লাগে। 
৬/বিদ্যালয়-মহাবিদ্যালয়ত পাঠ্যপুথি জ্ঞানৰ উপৰি নৈতিক আৰু মূল্যবোধৰ শিক্ষা দিব লাগে ।
৭/পঢ়া-শুনা নকৰি সময় অপচয় কৰি ঘূৰি ফুৰা যুৱচামক পঢ়া প্রতি ধাউতি বঢ়াবলৈ যত্ন কৰিব লাগে। 
৮/জ্যেষ্ঠসকলে অপসংস্কৃতিৰ ৰোধ কৰাত আগভাগ ল'ব লাগে। যুৱ সমাজক গুৰুত্ব দি তেওঁলোকৰ দ্বাৰা অনুষ্ঠান পাতিব লাগে।
৯/ প্ৰতিটো ৰাজহুৱা অনুষ্ঠানত যুৱ সমাজক মাতিব লাগে আৰু কিছু দায়িত্ব দিব লাগে। 

নিচাযুক্ত দ্ৰব্য প্ৰতি আসক্ত ন'হলে সমাজ এখন বহু দিশত সফল হ'ব পাৰিব। মান-সন্মান বহুখিনি বাছি থাকিব।যুৱসমাজ এখন সমাজৰ মূধচৰ খুটাৰ নিচিনা। সেয়ে যুৱসমাজক শুদ্ধ পথলৈ অনাটো জৰুৰী হৈ পৰিছে। যুৱসমাজ সমাজৰ এলাগী হৈ থাকিলে সমাজ অন্ধকাৰ দিশে  যে আগবাঢ়িব ই নিশ্চিত।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)