তুমি বাৰু মোক ভাল পাই পেলাইছা নেকি•পাপু শইকীয়া

Rinku Rajowar
0
তুমি বাৰু মোক ভাল পাই পেলাইছা নেকি? 
নিলাঞ্জনা! 
প্ৰতিটো প্ৰভাতৰ শুভেচ্ছাবাণীৰ পৰা 
উজাগৰি নিশাৰ কথোপকথনলৈকে। 
এডাল এৰাব নোৱাৰা ডোলত 
বান্ধ খাই গৈছে নেকি মৰমবোৰ! 

জীৱনৰ নিষ্ঠুৰ সময়ৰ পৰা 
হাহিঁৰ খিলখিলনিবোৰলৈকে, 
এক নিৰৱচ্ছিন্ন যাত্ৰাৰ 
তুমিও হৈছা নেকি সহযাত্ৰী! 

প্ৰতিটো টোপাল চকুলোৰ 
আঁৰৰ কাহিনী, 
তুমি কৈ যাবা.... 
মই শুনি যাম, 
মই কৈ যাম..... 
তুমি শুনি যাবা। 
এই যেন হেৰাই যাম দুয়ো.. 
অৰঙে দৰঙে 
হাহিঁ কান্দোনৰ মাজে মাজে, 
বিলিন হৈ যাম সপোনৰ ভাঁজে ভাঁজে।

✍️পাপু শইকীয়া 
    চিনাতলী (গোলাঘাট) 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)