বিজ্ঞাপনত নৈতিকতাৰ প্ৰশ্ন••নিবেদিতা হাজৰিকা

Unknown
0
আজিৰ এই অৰ্থকেন্দ্ৰিক বজাৰমুখী দৌৰত বিজ্ঞাপনৰ প্ৰয়োজনীয়তা খুবেই বেছি।বজাৰ দখলৰ মূল আহিলা হৈছে বিজ্ঞাপন।কিয়নো বিজ্ঞাপনৰ মাধ্যমেৰে গ্ৰাহক বা ক্ৰেতাক বিভিন্ন ধৰণেৰে প্ৰলোভিত কৰা হয়।বৰ্তমান বিজ্ঞাপন যে কেৱল ব্যৱসায়িক মুনাফাৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয় এনে নহয়। আৰ্থিক উদ্দেশ্যৰ লগতে  এই সমূহে সামাজিক চেতনা জাগ্ৰত কৰাৰ ক্ষেত্ৰতো সহায়ক হৈ উঠিছে। বিজ্ঞাপনৰ ক্ষেত্ৰখনৰ পৰিধি দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। 
   সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰতো বিজ্ঞাপনে বিশেষ অগ্ৰণী ভূমিকা পালন কৰে। জনসাধাৰণক তথা জনমতক প্ৰভাৱিত কৰাৰ লগতে কোনো বিশিষ্ট  লক্ষ্য-উদ্দেশ্যক আগস্থান দিয়াৰ ক্ষেত্ৰত বিজ্ঞাপনে বিশেষ সহায় কৰে। ইয়াৰ উপৰিও বিজ্ঞাপনে ৰাজনৈতিক সমৰ্থন লাভ কৰাৰ ক্ষেত্ৰতো বিজ্ঞাপন  বিশেষ সহায়ক। 
   সহজ ভাষাত ক'বলৈ গ'লে   বিজ্ঞাপনে বস্তুৰ দামৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।এটি আকৰ্ষক বিজ্ঞাপন প্ৰস্তুত কৰিবৰ বাবে বিজ্ঞাপন নিৰ্মাতা সকলে যথেষ্ট টকা খৰচ কৰে। অধিক লাভৰ বাবে তেওঁলোকে নামী-দামী চেলিব্ৰেটি সকলক ব্যৱহাৰ কৰে।উৎপাদিত সামগ্ৰীবিধ যে যথেষ্ঠ উন্নত মানৰ সেই কথা বুজাবলৈ বিজ্ঞাপন প্ৰস্তুত কৰ্তাই  কোনো নামী -দামী অভিনেতা -অভিনেত্ৰীৰ দ্বাৰা সেই উৎপাদিত সামগ্ৰী বিধৰ বিষয়ে ৰাইজক,গ্ৰাহকক অৱগত কৰোৱায়। 
     ব্যৱসায়িক ক্ষেত্ৰত   বিজ্ঞাপনে বহুল সমাদৰ লাভ কৰিলেও  বিভিন্ন সময়ত এই বিজ্ঞাপনো সমালোচনাৰ সন্মুখীন হ'ব লগাত পৰিছে।সাম্প্ৰতিক সময়ত  বিজ্ঞাপন সমূহত যেন অশ্লীলতা আদি দৃষ্টিকটু ভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।বিভিন্ন বিজ্ঞাপন সমূহৰ বিষয়ে যদি গভীৰ ভাৱে বিশ্লেষণ কৰি চোৱা হয় তেন্তে বহু ভয় লগা সত্য মানুহৰ আগত স্পষ্ট হৈ পৰিব যিবোৰ সত্য  বহু সময়ত অন্ধকাৰতেই থাকি যায়। লোক চক্ষুৰ আঁৰত ঘটি থকা বিজ্ঞাপন কেন্দ্ৰিক জগত খনৰ বহু কথাই অবিদিত। অপ্ৰিয় হ'লেও সত্য যে বিজ্ঞাপন সমূহে নাৰী দেহক বিজ্ঞাপনৰ ঘটক হিচাপে ব্যৱহাৰ কৰিছে।কোনো এবিধ উৎপাদিত সামগ্ৰীৰ লগত নাৰীৰ লেনা-দেনা,প্ৰয়োজনীয়তা বা নাৰীৰ মৰ্যদা তথা গুৰুত্বৰ বিষয়ে কোনো ধৰনৰ গভীৰ চিন্তা নকৰাকৈয়ে নাৰী গৰাকীৰ  দেহ আদিক বহু সময়ত দৃষ্টিকটু আৰু মৰ্যদাহীন তথা অসম্পাদিত ৰূপত ব্যৱহাৰ কৰা দেখা যায়। প্ৰায় সকলো প্ৰকাৰৰ বিজ্ঞাপনতেই আজি অশ্লীলতাৰ পয়োভৰ বুলি ক'ব পাৰি।অশ্লীলতা ভৰা কথা-বতৰা তথা উত্তেজক নাৰীৰ  শৰীৰেই বহু বিজ্ঞাপনৰ মূল বুলি ক'লেও বঢ়াই কোৱা নহয়।উপভোক্তাৰ বস্তুৱেই হওঁক ,আন ঔদ্যোগিক বস্তুৱেই হওঁক নাইবা কেৱল মাত্ৰ পুৰুষৰ দ্বাৰা ব্যৱহৃত বস্তুৱেই হওঁক এই সমূহতো আকৰ্ষণীয় দেহবল্লৱী ,আবেদনময়ী নাৰীৰ দেহ প্ৰদৰ্শনে আগস্থান পায়। এটা চিগাৰেট বা এটা চিমেণ্টৰ বিজ্ঞাপনত নাৰীক অদ্ধ উলংগ কৰি দেখুওৱাৰ অৰ্থ কি?বিজ্ঞাপন দাতা সমূহে সামাজিক দায়িত্ববোধৰ কথা পাহৰি কেৱল মাত্ৰ নিজৰ লাভা-লাভৰ বাবে, নিজৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে তথা শিশু ,কিশোৰ -কিশোৰী সকলক আকৰ্ষিত কৰিবৰ বাবেই অশ্লীলতাক তথা  নাৰী দেহক মূল হিচাপে ব্যৱহাৰ কৰাটো কিমান দূৰ যুক্তি সংগত আৰু গ্ৰহণযোগ্য ?
    প্ৰকৃততে নাৰী আজিও পুৰুষৰ হাতত বিক্ৰী হৈ আছে। পূৰ্বতে নাৰীক পোনপটিয়া ভাৱে ব্যৱহাৰ কৰা হৈছিল আৰু সাম্প্ৰতিক সময়তো নাৰীক বহুতে ভোগৰ সামগ্ৰী,পণ্য দ্ৰব্য বুলিয়ে ব্যৱহাৰ কৰি আছে। নাৰী দেহ আজিও বিক্ৰী হৈ আছে।মাত্ৰ ইয়াৰ পদ্ধতিহে সলনি হৈছে।প্ৰয়োজনীয় -অপ্ৰয়োজনীয় ভাৱে, অশ্লীল ভাৱে তথা কামোত্তেজক ভাৱে  নাৰীৰ দেহ প্ৰদৰ্শন কৰোৱাটো অনৈতিক কাৰ্য ।আৰু এনে কাৰ্যই সমাজত অশ্লীল , অসামাজিক কাৰ্য -কলাপ বৃদ্ধিত প্ৰেৰণা যোগায়।সেয়ে বিজ্ঞাপনত নাৰী দেহক  অশোভনীয় ভাৱে উপস্থাপন কৰাৰ পৰা বিৰত থকা উচিত।নাৰীয়ে বিজ্ঞাপনত অংশ লোৱাটো অপৰাধ নহয় বা অপৰাধ হ'ব নোৱাৰে। কিন্তু সীমা পাৰ হৈ  নালাগে ।নৈতিকতাহীন,অল্প বস্ত্ৰবসনা নাৰীৰ দেহে শিশু বা কিশোৰৰ মনত কেনে ভাৱৰ উদ্ৰেক কৰিব পাৰে বিজ্ঞাপন প্ৰস্তুতকাৰী সকলে অন্ততঃ ভবা উচিত।শালীনতাৰ সকলো  সীমা চেৰাই গৈ বিজ্ঞাপনৰ  নামত নাৰী দেহৰ অশোভনীয় চিত্ৰণ তথা কোনো আবুৰ নোহোৱাকৈ যৌনতাক আধাৰ হিচাপে লৈ উপভোক্তাক আকৰ্ষণ আৰু আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰূদ্ধে এক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।নাৰীক উপভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ মানসিকতা ৰোধ কৰিব লাগে আৰু নাৰীক বেয়া ধৰণে উপস্থাপন কৰাৰ ক্ষেত্ৰত তীব্ৰ ভাৱে প্ৰতিবাদ কৰিব পাৰিব লাগিব। অন্যথা নাৰীৰ শ্লীলতা হানি কৰি অশ্লীল ভাৱে উপস্থাপন কৰিবলৈ যোৱাৰ ফলত যি  সামাজিক তথা নৈতিক ভাৱে প্ৰভাৱ পৰিব সেই প্ৰভাৱে নাৰীক সকলোৱে উপভোগৰ সামগ্ৰী বুলি ভবাৰ বাট সহজ কৰি তুলিব। যি ধাৰণাই সকলোৰে ওপৰত বেয়া প্ৰভাৱ পেলোৱাটোৱে স্বাভাৱিক।বিজ্ঞাপনৰ যি কলা সুলভ ৰূপ আছে সেই ৰূপটো সাৱলীল ভাৱে উপস্থাপন কৰিব পাৰিলেও জনসাধাৰণ বা ক্ৰেতা আকৰ্ষিত হ'ব।ইয়াৰ বাবে নাৰীৰ দেহ প্ৰদৰ্শনৰ দৰে পন্থা অৱলম্বন নকৰিলেও হ'ব।বিজ্ঞাপনত অংশ লোৱা নাৰী যি সকলক সাধাৰণ অৰ্থত  মডেলিং বুলি কোৱা হয় বা জনা যায় তেওঁলোকেও কেইটামান টকাৰ বিনিময়ত নৈতিকতা আদি বিসৰ্জন দি দেহ প্ৰদৰ্শন কৰিবলৈ  মান্তি হ'বলৈ যোৱাটো ভুল বুলি ভাবো। বিজ্ঞাপন হৈছে এক সামাজিক সংস্থা।সেয়ে সামাজিক দিশটোৰ ওপৰত বিজ্ঞাপন দাতা সকলে সতৰ্ক দৃষ্টি ৰখা উচিত যাতে তেওঁলোকৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপনে যাতে কোনো ক্ষেত্ৰতে বেয়া প্ৰভাৱ পেলাব নোৱাৰে।ব্যৱসায় আৰু  বিজ্ঞাপন এটা মুদ্ৰাৰ দুটা পিঠি।অৰ্থাৎ দুয়োটা বিষয় সংপৃক্ত হৈ আছে।কিন্তু মুনাফা লাভৰ বাবে নাৰীক বিজ্ঞাপনত ইচ্ছাকৃত ভাৱে ব্যৱহাৰ কৰিবলৈ যোৱাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।
   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)