শব্দৰ বিশাল সমুদ্ৰত ,
নোকোৱা কথাবোৰত অগণন বিষ থাকে
সংঘৰ্ষৰ জুয়ে যাক পুৰিব পাৰে
দিনৰ পোহৰ ৰাতিৰ এন্ধাৰ ।
নোকোৱা কথাবোৰ নদীৰ দৰে
গভীৰ স্ৰোতস্বিনী
উজনি পৰা নামনিলৈ বৈ যোৱা সোৱণশিৰী,
পকনীয়া কোবাল সুতত জাঁজী
ৰক্তজল জলৰাশিৰ মায়বী ৰূপছবি ।
সিমানো সহজ নহয় সেই কথাবোৰ
তেজৰ নিজানত বাগৰি আহে
অনাতাঁৰ সংলাপ ।
এতিয়াও
অলেখজনৰ বাৰ্তালাপত নীৰৱে বৈ থাকে
অনিদ্ৰাত ভষ্ম হোৱা
অনাকাংক্ষিত সেই কথাৰ
বিষ্ফোৰিত শ্লোগান ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ