স্বচ্ছ হৃদয় যাৰ-সঞ্জীৱ চৰকাৰ

©Admin
0
তমসা চোতালৰ জোনাক
নিসংগ হৃদয়ৰ সংগী 
জ্ঞাত যাৰ বিষাদ বেদনা
নহয় প্ৰতাৰক
সবাৰ বাবে প্ৰেৰণাৰ আকৰ..!

কৰে আশা সীমিত 
ভাৱনা যাৰ উচ্চ
আৰু শুৱলা বাচ্য
ক্ষণতে মোহে সবাৰ চিত
আনৰ হৃদয়ত যাৰ নিজা নিলয়..!

মানৱ সেৱা শ্ৰেষ্ঠ সেৱা 
কৰ্মত বিশ্বাসী 
হেলা অৱহেলা কাম্য নহয় 
তেওঁৰ ভাৱনাত শেষৰো শেষ থাকে 
বিফলতাৰ আঁৰতো সফলতাই হাঁহে..!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)