অভিমানী আত্মাৰ আৰ্তনাদ-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
জীয়াই আছোঁ বুলি খোলাকৈ
ক'বলৈ বৰ ভয় লাগে জানা
জীয়াই আছোঁ যদিও যে মোৰ
অভিমানী আত্মাটো কেতিয়াবাই
মৃত হৈ অৱশ হৈ পৰি আছে।
ধূষৰিত কুঁৱলীৰ ফাঁকেৰে
জুমি চোৱা অচিনাকী
চৰাইজনীৰ অভিমান
তাইৰ কাতৰ চিঞৰ শুনি 
অভিমানী আত্মাই আৰ্তনাদ কৰে 
অচিনাকী চৰাইজনীৰ
 প্ৰাৰ্থনাত জী উঠে তাইৰ অভিমানী আত্মা।
এটোপাল দুটোপাল চকুৰ পানীৰে
অচিনাকি চৰাইজনীৰ দুপাখি স্পৰ্শ কৰে 
তেতিয়াও যেন অভিমানী
আত্মাই আৰ্তনাদ কৰি উঠে
নীৰৱ হৈ পৰে সময়বোৰ
অভিমানী আত্মাৰ আৰ্তনাদত।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)