নীলা খামৰ চিঠি -অক্ষয় জ্যোতি বৰা

©Admin
0
কিছু অনুভৱ তোমাৰ নামত
মিছ নীলা, হাতত কলম তুলি বহিছোঁ তোমালৈ বুলি, বৰকৈ মনত পৰিছে। সেইদিনাৰ শীতৰ জোনাক ৰাতি কথাটি। তুমি যে লাজ লাজকৈ বহিছিলা মোৰ সৈতে, আমি একেলগে জুই পোৱাইছিলোঁ, তোমাৰ বাৰু মনত পৰে নে নিজানত বহিলে। মোৰ কিন্তু বৰকৈ মনত পৰে সেইদিনা ৰাতিৰ মিঠা অনুভৱখিনি। তুমি জানানে , মিছ নীলা মই সেইদিনাই তোমাৰ প্ৰেমত পৰি গৈছিলোঁ। তোমাৰ ঢৌ খেলোৱা চুলিৰ মাজতে মোৰ মিঠা সপোনৰ খেলা । মিছ নীলা, শুনিছানে বাৰু? তুমিটো নাজানা তুমিয়েই মোৰ গোপনে সিঁচাপ্ৰেমৰ আৱিৰতা । মিছ নীলা, তুমি চোন প্ৰকৃতিৰ প্ৰেমিকা
হালধীয়া সৰিয়হৰ, সেউজীয়া সুবাসৰ মোৰ হ'ব পাৰিবা জানো। পাৰিবা জানো মোৰ নামত কবিতা লিখিব, নিশ্চয় তোমাৰ সময় নহ'ব নাইবা তোমাৰ হৃদয়ৰ সেই আপোন জনে কষ্ট পাব। 
   মিছ নীলা পাৰিবা জানো তোমাৰ নীলাখিনিৰ মাজত মোক আবৰি ৰাখিব। 
মিছ নীলা আজি কালি চোন মোৰ মনটো বাৰে বাৰে তোমাৰ কাষলৈ উৰা মাৰে। তোমাৰ সৈতে পাৰ কৰা প্ৰতিটো ক্ষণেই মোৰ বিশেষ। আটাইতকৈ ভাল লগা সময়কণেই হৈছে আমি যে একেলগে সেৱা কৰিছিলোঁ। মই যে প্ৰতিটো প্ৰাৰ্থনাতেই তোমাকেই বিচাৰিছোঁ। মই জানোঁ যে এইটো কেতিয়াও সম্ভৱেই নহয়। তোমাৰ প্ৰতিটো মেছজে প্ৰতিটো ফোনেই কঢ়িয়াই আনে মোৰ মুখত এটি মিচিকিয়া হাঁহি। আৰু কেতিয়াবা কি হয় মোৰ হৃদয় খন জানানে মিছ নীলা , যেতিয়া তোমালৈ ফোন কৰিলে শুনা পাওঁ "ডা‌ নাম্বাৰ ইউ হেভ ডায়েল্ড ইজ কাৰেণ্টলী বিজি।"  
      তেতিয়া হৃদয়ত  এক বুজাব নোৱাৰা বিষাদৰ সৃষ্টি হয়। ‌তুমিটো নুবুজা মোৰ সেই বিশাদৰ কথা।
   হেৰা! মিছ নীলা...
তুমি নজনাকৈয়ে তোমাক মনত পেলালে তোমাৰ বুকু খনে উমান পাবনে ?
মন যাবনে তোমাৰ মনত পেলাবলৈ পুৰণি সপোন বোৰৰ কথা ? 
                 
তোমাৰ অপ্ৰিয় ল'ৰা টো
(নীল)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)