বুকুত বাহ লৈছিল
কৃষ্ণচূড়াৰ ফুলৰ দৰে
ৰঙা আশাবোৰ জীপাল হৈ উঠিছিল
নৈ খনৰ কুলু কুলু গীত শুনি
মনটো আন্মনা হৈ পৰিছিল
বতাহজাক বৈ আহিছিল বুকুৰ গভীৰলৈ
অৰণ্যখনৰ সেউজীয়াই
সংশয় দূৰ কৰিছিল
পাহাৰটোৱেও হাত দুখন
মেলি ৰৈ আছিল
আকাশৰ নীলাবোৰ
আকোৱালী ল'ব
কিন্তু নদীখন শুকায়
বালিময় হ’ল
আশাবোৰ হতাশা হ’ল
বতাহজাকো স্তব্ধ হ’ল
অৰণ্যখনো নীৰৱে মৃত্যুৰ
বিভীষিকা দেখি ৷
◾অৰ্চনা শৰ্মা
বিশ্বনাথ চাৰিআলি ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ