ভাৰতৰ ৰাজনীতিত সুবিধাবাদ এক মাৰাত্মক ব্যাধি-স্বৰূপ•নাছিৰ আহমেদ

Rinku Rajowar
0
ভাৰতৰ ৰাজনীতিত "সুবিধাবাদ" ৰাজনীতিৰ পৰম্পৰা আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ ২২ বছৰ পিছতেই উত্থান ঘটিছিল। ১৯৬৯ চনৰ ১২ নৱেম্বৰত দলৰ নিয়মানুৱৰ্তিতা  ভঙ্গ কৰাৰ বাবে ইন্দিৰা গান্ধীক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰাৰ লগে লগে ভাৰতীয়  জাতীয় কংগ্ৰেছ দল দুই ভাগত বিভক্ত হৈ ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ(আৰ) বা নতুন কংগ্ৰেছ,ইনডিকেট গঠন হয় । ইয়াৰ পিছত ক্ৰমে তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, বহুজন সমাজ পাৰ্টি, ৰাষ্ট্ৰীয় জনতা পাৰ্টি আৰু পৰৱৰ্তী ভাৰতীয় জনতা পাৰ্টি,আপকে আদি কৰি বিভিন্ন দল সংগঠনৰ জন্ম হয় । অৱশ্যে, এই দল সংগঠন গঢ়ি উঠাৰ আঁৰত আদৰ্শগত সংঘাত আছিল কোনো" সুবিধাবাদ" ৰাজনীতিয়ে সক্ৰিয় অংশ গ্ৰহণ কৰা নাছিল । কিন্তু, যোৱা দুটা দশক ধৰি " সুবিধাবাদ"  ৰাজনীতিৰ ক্ষেত্ৰখনত চূড়ান্ত নগ্ন ৰূপ ধাৰণ কৰিছে। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰিয় পুত্ৰ বৰ্তমান সাংসদ গৌৰৱ গগৈক তেওঁৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব বিচৰা বাবে বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডঃ হিমন্ত বিশ্ব শৰ্মাই সতীৰ্থ মন্ত্ৰী পিযুজ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু চাহ বাগিছাৰ সাংসদ পল্লৱ লোচন দাস আৰু দলৰ কেইবাগৰাকী নেতাৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি ভাৰতীয় জনতা পাৰ্টিৰ ছত্ৰছায়াত আশ্ৰয় গ্ৰহণ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসন কালত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ সময়ত ড° হিমন্ত বিশ্ব শৰ্মাই " গুজৰাটৰ পাইপেৰে মুছলমানৰ তেজ প্ৰৱাহিত হয়" শীৰ্ষক সংলাপটি এতিয়াও বৰ্তমান মুখ্যমন্ত্ৰীৰ ডিঙিত কাঁইটৰ মালা হৈ ওলমি আছে। একমাত্ৰ " সুবিধাবাদ" ৰাজনীতিৰ বাবে আদৰ্শগত কোনো সাদৃশ্য নথকা সত্বেও বহুবল্কী কংগ্ৰেছী মন্ত্ৰী, নেতা -পালিনেতা সকলে সোঁপন্থী কংগ্ৰেছ দলৰ পৰা গেৰুৱা বাহিনীত যোগদান কৰিছিল। পৰৱৰ্তী বৰ্তমান বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু কাইলৈৰ ভিতৰত তদানীন্তন কংগ্ৰেছ দলৰ সাংস্কৃতিক মন্ত্ৰী  বিস্মিতা গগৈ আৰু যুৱ নেত্ৰী অংকিতা দত্তয়ো কংগ্ৰেছ দলৰ সদস্য পদ ত্যাগ কৰি গেৰুৱা দল বিজেপিত যোগদান কৰা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। ইয়াৰ বাবে কংগ্ৰেছ দলৰ নেতৃত্বৰ দুৰ্বলতা কিছু পৰিমাণে হ'লেও দায়ী।মহাৰাষ্ট্ৰ ৰাজ্যতো একেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিছে। মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজীৰ আদৰ্শত গঢ়ি উঠা শিৱ সেনা দলৰ মাৰাঠী জাতীয়তাবাদী দলৰ পৰা একনাথ সিন্ধে সাঙ্গপাঙ্গ লৈ বিজেপি দলত যোগদান কৰি কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি শাসন চলোৱা মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ শাসন কাৰ্য ৰাতিটোৰ ভিতৰতে পতন ঘটায়। বিজেপি দলৰ পৰা ওলাই বিহাৰৰ জে ডি উ দলৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিৰোধী দলসমূহৰ ঐক্য "ইণ্ডিয়া"ৰ নেতৃত্ব বহন কৰিছিল। কিন্তু,বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰক বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰাৰ লগে লগে তেওঁ নিৰ্লজৰ দৰে বিজেপি দলৰ ছত্ৰছায়াত আশ্ৰয় লোৱা ঘটনা " সুবিধাবাদ " ৰাজনীতিৰ চূড়ান্ত আত্মপ্ৰকাশ অতিশয় দূৰ্ভাগ্যজনক কথা। 
অসমৰ সৰ্ববৃহৎ জাতীয় ৰাজনৈতিক সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদক সকলৰ কাৰ্যকলাপ দেখি ৰাজ্যৰ জনসাধাৰণৰ চকু কপালত উঠিছে। বিদেশী বহিষ্কাৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈ এই জাতীয় সংগঠনটোৱে প্ৰায় আঠশ জন শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত  ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সৈতে ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত কৰিছিল । অথচ এই ছাত্ৰসন্থাৰ নেতা সকলে অসম গণ পৰিষদ নামেৰে ৰাজনৈতিক দল গঠন কৰি ৰাজ্যৰ শাসন ভাৰ হাতত লৈ ৰাজ্যৰ উন্নয়ন, চুক্তি ৰূপায়নৰ পৰিৱৰ্তে গুপ্ত হত্যাৰ দৰে জঘন্য কাৰ্যত লিপ্ত হৈ শাসন ভাৰ এৰি দিবলৈ বাধ্য হৈছিল। পৰৱৰ্তী এই ছাত্ৰসন্থাৰে প্ৰাক্তন সভাপতি আৰু সম্পাদক সকলে " সুবিধাবাদ" ৰাজনীতিৰ চিকাৰ হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ বা   বিজেপি দলত যোগদান কৰি ছাত্ৰসন্থাৰ অৰাজনৈতিক চৰিত্ৰৰ ওপৰত কালিমা সানিলে। বিশেষকৈ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শংকৰ প্ৰসাদ ৰায় , লুৰিন জ্যোতি গগৈ ( অসম জাতীয় দল) আৰু অচিৰেই দিপংক নাথে গেৰুৱা বসন পিন্ধা কাৰ্য নজীৰ বিহীন দৃষ্টান্তমূলক উদাহৰণ। কা আন্দোলনৰ সময়ত এই গৰাকী দিপংক নাথে " কা আমি নামানোঁ, নৰেন্দ্ৰ মোদী হায় হায় , সৰ্বানন্দ সোণোৱাল
হায় হায়" বুলি টেটু ফালি চিঞৰিছিল । তথাকথিত ৰাজনৈতিক নেতাসকলৰ " সুবিধাবাদ" নিকৃষ্ট ৰাজনীতি দেখি শুনি দেশৰ জনগণ অতিষ্ঠ হৈ পৰিছে। এটা দলৰ হৈ ভোট বিচাৰি প্ৰতিশ্ৰুতিৰ বন্যা বোঁৱাই  দি নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাতিটোৰ ভিতৰতে অন্য দলত  যোগদান কৰা কিমান নীচ মানসিকতাৰ পৰিচায়ক! অৰাজনৈতিক সংগঠনৰ নেতা সমূহে সংগঠনৰ সকলো আদৰ্শ জলাঞ্জলি দি " সুবিধাবাদ" ৰাজনীতিৰ পৰম ভক্ত হৈ পৰিছে।
ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়, ভাৰতৰ সংবিধানত কঠোৰ আইন লিপিবদ্ধ কৰি " সুবিধাবাদ"ক সমাধিস্থ কৰা। এই গৰ্হিত নীতিৰ পৰা সম্পূৰ্ণ ৰূপে পৰিত্ৰাণ পাবলৈ হ'লে দেশৰ জনগণৰ সৰ্বস্তৰতে গণ আন্দোলনৰ সূত্ৰপাত কৰি ৰাজনীতিত" সুবিধাবাদ" ৰ পৰিৱৰ্তে নৈতিক মূল্যবোধৰ আদৰ্শক ৰূপায়ন কৰিব লাগিব।

✍️নাছিৰ আহমেদ 
শিমলাবাৰী ,গোৱালপাৰা।
ভ্ৰাম্যভাষ:-৯১০১৪৬৫৮০৫ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)