প্ৰাৰ্থনা-দিপশিখা ৰাজকোঁৱৰ

Rinku Rajowar
0
তুমি আহিলে অভিমানীৰ 
উশাহ স্তব্ধ হৈ নৰয় অ
তুমি কাষত থাকিলে মোৰ
অভিমান বেছিকৈ বাঢ়িবলৈ ধৰে
মোৰ অনুৰাগী শব্দ তুমি।
মোৰ প্ৰাৰ্থনাত যদি তুমি
জী উঠা তেনে মোৰ প্ৰাৰ্থনা
সদায় তোমাৰ নামতে থাকিব
মাথোঁ অভিমান কৰি কেতিয়াও
মোৰ পৰা আঁতৰি নাযাবা ।
তোমাৰ নামত জ্বলোৱা
চাকিগছ সদায় জ্বলি থাকিব দিবানে
নে কেতিয়াবা অভিমান কৰি
মোক ভুল বুজিবা
দুহাত যোৰ কৰি তোমাক
অভিমানী হৃদয়ৰ পৰা সঁচাকৈ
প্ৰাৰ্থনা জনাইছোঁ অচিনাকী চৰাইজনী।
আতঁৰি নাযাবা অচিনাকী চৰাইজনী
নহ'লে নিঃসংগতাৰ ক্ষণবোৰে
মোক বহুত বেছি কষ্ট দিয়ে
তোমাৰ প্ৰাৰ্থনাত মোক আৰু
মোৰ প্ৰাৰ্থনাত তোমাক সদায়
জীয়াই থাকিব দিয়া।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)