এটি ক্ষুদ্ৰতম বিন্দু
চিয়াঁহীৰে লিখিলা তোমাৰ হৃদয়ৰ এখিলা পাতত
তোমাৰ মন ডায়েৰিত
বিন্দু মাথোঁন খন্তেকীয়া জীৱনৰ
কিছুসময় বাবে পৃথিৱীৰ কোণত
দৌৰাদৌৰি জীৱনৰ সীমাহীন আশাবোৰ
গণিব বিচৰা শৈশৱৰ ল’ৰালিৰ ধেমালি—
কাগজৰ নাও!
তাত লিখা আছিল কেইটামান আখৰ
কি সপোনেই বা দেখিছিলোঁ
কি আশাৰেই বা আগুৱাইছিলোঁ
কিঞ্চিত হাঁহি, সুখ,আনন্দ বিছাৰি
অজান অবুজ ভালপোৱাৰ নিচাৰ কিৰিলি
কাগজৰ নাও খেলিবলৈ
হাবাথুৰি খাইছিলো বৰষুণৰ পানী বিচাৰি
কাগজৰ নাও ভিজি
ডুবিল পানীৰ তলত;
সেয়া খন্তেকীয়া মোৰ শিশু ধেমালি
থাকি যাব কিঞ্চিত আনন্দ, হাঁহি আৰু স্মৃতি ৷
শৈশৱৰ শ্ৰুতলিপি কৈশোৰৰ লীলাভূমি
যৌৱনৰ মৰুভূমিত মৰিচীকা খেদি
অজানিতে বাজি উঠে সুকোমল গৰখীয়া বাঁহীৰ সুৰটি
সযতনে সামৰিছা তোমাৰ ডায়েৰিত
প্ৰেমৰ আলিংগনত হাবিয়াস যৌৱনৰ উন্মাদনা পূজাৰী
হেৰাই যাব নোখোজা সেই সুবাসিত দিনবোৰত
মধুৰ সহৃদয়তা ছবিৰ আত্মিক টান স্বপ্নৰ গধূলিত
দুহাতেৰে ধৰি ৰখা দুচকুত
হাতৰ তলুৱাত সৰি পৰে তোমাৰ চকুলো
দূৰৰ পৰা দেখা চবিখন ধুনীয়া হয়
ওচৰত গৈ পালে দেখাত বহুত বেয়া হব পাৰে
কিম্বা বহুত বেছি ধুনীয়াও হ’ব পাৰে
যাৰ পৰা বহু নেদেখা চবি দেখিছা
নেদেখা কথা শিকিছা
সেয়া তোমাৰ ডায়েৰীৰ পাতত ৷
তুমি সৰগৰ দেৱী
হৃদয়ৰ মুকুতামণি
দেৱতাই তোমাক অকলশৰে
আগুৱাই নিজে সেই বাটে
যি বাটেৰে তুমি হহুঁৱাব পাৰা মানুহৰ মুখে মুখে
সাঁচি ৰখা মৰমবোৰ ডায়েৰীৰ পাতে পাতে ৷
ইমান মৰম আছে তোমাৰ—দেহত , মনত , উশাহত
মৰমবোৰ উৰি আছে আকাশে বতাহে
মৰমবোৰে যুজিঁ আছে জীৱনৰ পাতে পাতে
তোমাৰ ডায়েৰিত বান্ধি ৰাখিছা চকুলোৰে ৷
তোমাৰ হাঁহিত মৰম ৷ খোজত মৰম ৷ হাতত মৰম
নেদেখা মৰমৰবোৰ চকুলো হৈ
সৰি পৰে পাতে পাতে
সযতনে গঢ়া জীৱন ডায়েৰীত
থমকি ৰ’ব যদি চিয়াঁহী
মোক তৰাই হাঁহিব ৷ পৃথিৱীয়ে গৰজি উঠিব
হাঁহি থকা শেৱালিৰ পাহিয়ে
মোক আজীৱন কন্দুৱাব ৷
জীৱন যুদ্ধত শত্ৰু হয় যদি ক্ষুদ্ৰতম বিন্দু
তাৰ মৰণৰ প্ৰহেলিকা মই বিচাৰোঁ
উৰি ফুৰা দুপাখি মেলি
পাছে পাছে মই এটি ছায়া হৈ
আগুৱাই নিম তোমাৰ জীৱন ডায়েৰীৰ পাতলৈ ৷
✍️ৰঞ্জিত শৰ্মা
ঢকুৱাখনা,লখিমপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ