ঠিকনা বিহীন সপোন মোৰ✍️ পিংকি শৰ্মা

Rinku Rajowar
0
একাঁজলি মৰম বিচাৰি
হৃদয়খনে চকুলো টুকিছিল
বুজা নুবুজা এটা সাথঁৰ হৈ
তুমি তেনেদৰে আহিছিলা
কোনেও নজনাকৈ !
তোমাৰ হৃদয়ৰ মাজতে
বিচাৰি পাইছিলো
মই মোৰ প্ৰাপ্তখিনি
নিয়ৰ ভাঙি ভাঙি অহা সপোন
অনুচ্চাৰিত গানৰ গুণ গুণনিত
জাগিত হৈছিল কান্দোন, বেদনা.....
ক্ৰমান্বয়ে নিঃশেষ হৈ অহা
হৃদয়ৰ সমস্ত সেউজীয়া.....
কিন্তু কিয় বাৰু
তোমাৰ আগমনত জাগি উঠা সপোনে
ধুমুহাত বিধ্বস্ত পক্ষী দৰে
বাৰে বাৰে হেৰুৱাই ঠিকনা......?
নিস্তৰংগ নদী যেন সময়ৰ বালিচৰত
শামুকৰ খোলা দৰে পৰি ৰয়
সপোন আকাংক্ষা......
তুমি হয়টো নাজানা
মোৰ হৃদয়ত কিবা অভাৱ !
নিৰাশাৰ জীৱনৰ ঘাই শিপা
কাৰোবাক হেৰুৱাৰ বেদনাত
সপোনৰ পাছত সপোন ভাঙে.
দাপোনৰ দৰে ।

✍️ পিংকি শৰ্মা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)