আৰু মই হৃদয়খন তোমাকে দিলো।
তুমি মোৰ সপোন পূৰণৰ প্রতিশ্রুতি দিলা
আৰু মই আজীৱন তোমাৰ হোৱাৰ
সপোন দেখিলো।
সকলো বুজিও নিষ্পাপ শিশুৰ দৰে
জ্ঞানহীন হৈ পৰিলো।
অন্তত বুজি উঠিলো এই সংসাৰত
কোনো কাৰো আপোন নহয়।
তুমি আমাৰ বৈধ প্রেমক অবৈধ নাম দি
মোৰ ভালপোৱাক হত্যা কৰিলা।
পুৱা গধূলি প্রাৰ্থনা কৰাৰ শেষত
এয়া পৰিণাম দিলা।
বিশ্বাস যেন আজীৱনৰ বাবে শেষ কৰিলা
সপোনো যেন ক্ষন্তেকতে ভাঙি চুৰমাৰ কৰিলা।
জীৱন দিয়াৰ প্রতিশ্রুতি দি
মোৰ জীৱনটোকে কাঢ়ি নিলা।
লগত থকাৰ প্রতিশ্রুতি দি
নিজে আতৰি গ'লা।।
✍️ৰাশীমা চাংমাই
ঠাই:ডিব্রুগড়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ