নীলা দলিচাৰ নিয়ৰ কণা••ৰঞ্জন প্ৰতীম

Unknown
0
সপোন সপোন যেন লগা তোমাৰ পদূলিৰ
নীলা দলিচাৰ নিয়ৰ কণা,
সুবাস বিলাই বিলাই শৰতৰ সেমেকা নিশাত ধৰা দিলাহি আহি
ভবাই নাছিলোঁ আৱেগৰ ৰাগীত
উটি- ভাঁহি এনেদৰেই দিন প্ৰতিদিন
সুঁৱৰিম তোমাক !
এপলক নেদেখিলে ,সময় নাযায় বাগৰি 
উশাহে -নিশাহে ,আৰাধনাত সজোৰে মাথোঁ তুমি।
অপৰাজিতাই সৰি সৰি সজোৱা 
নীলা দলিচাত খোজ দিওঁ তোমাৰ পদূলিত ।
প্ৰতিপল হেপাঁহেৰে আদৰি আদৰি নি ,
সুকোমল হাতেৰে হাতত ধৰি।
উকা হাতেৰে ,উপহাৰ নোহোৱাকৈ অযুত শুভকামনাত তুমি।
সময় ও বাগৰি আহি আহি 
নীলা দলিচাত নিয়ৰ সৰি
নীল আকাশীৰ পৰাণৰ ;নীলা তিৰবিৰ ধাতু তুমি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)