বিভ্ৰম✍️আকাংক্ষা তামুলী

Rinku Rajowar
0
অৰুণাৰ আজি দিনটো বৰ ব্যস্ততাৰে পাৰ হৈ গ'ল। বজাৰ সমাৰ কৰি ঘৰ পোৱালৈ ৰাতি 7 টা মানেই বাজিল। অ'টৰ পৰা নামি বজাৰৰ মোনাখন কেঁকো জেকোকৈ দাঙি তাইৰ ঘৰৰ গেট খুলিয়ে ৰুমিক চিঞৰিলে। ৰুমি বাহিৰতে অৰুণাৰ মাকৰ সৈতে বহি আছিল । তাই দৌৰি আহি অৰুণাৰ হাতৰ পৰা মোনাটো নিলে। অৰুণা গৈ বাহিৰৰ বাৰাণ্ডাতে মাকৰ ওচৰত বহিল ।
- অ' ৰুমী আলহী আহিছে। পানী এগিলাছ আন। তোমাক চিনি নাপালোঁ?
      আজিও ......। গভীৰ যন্ত্ৰণা এটাই অৰুণাৰ সৰ্ব শৰীৰ হেঁচা মাৰি ধৰিলে। ধুমুহাৰ দৰে অহা বেমাৰটোৱে মাকৰ স্মৃতিৰ পৰা তাইকে  আঁতৰাই নিলে নে মাকক আঁতৰাই নিলে তাইৰ পৰা তাই নাজানে। 
- মই তোৰ অৰু মা।
- অৰু?


✍️ আকাংক্ষা তামুলী
স্নাতক চতুৰ্থ ষাণ্মাসিক , অসমীয়া বিভাগ
নৰ্থ লখিমপুৰ কলেজ ( স্বাঃ ), লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)