সংগ্ৰাম জীৱনৰ অন্য এক নাম✍️জুৰিমনি মুদৈ

Rinku Rajowar
0
জীৱনৰ অন্য এটি নাম হৈছে সংগ্ৰাম। সংগ্ৰাম মানেই জীৱন।এতিয়া কথা হ'ল এই সংগ্ৰাম মানেনো কি? সংগ্ৰাম হৈছে জন্মৰ পৰা মৃত্যু পৰ্যন্তলৈকে জীৱন ব্যাপি চলা এক অঘোষিত যুঁজ। যিদিনাই আমি আমাৰ এই নশ্বৰ দেহা এৰি গুচি যাম,সেই দিনাই এই যুঁজৰো পৰিসমাপ্তি ঘটিব। আমাৰ এই নশ্বৰ দেহ মাটিৰ লগত এদিন বিলীন হৈ যাব কিন্তু আমাৰ কৰ্মৰাজী সদায় সমাজত জীয়াই থাকিব। সেই বাবেই আমি জীৱনত এনে কিছুমান কাম কৰি যাব লাগে যি আমাৰ মৃত্যুৰ পিছতো আমাৰ কৰ্মৰাজীৰ বাবে মানুহে আমাক সুঁৱৰে।।ভগৱানৰ সৃষ্টিৰ এই পৃথিৱীত আমি জন্ম-গ্ৰহণ কৰোঁ। জন্মৰ পিছৰপৰাই আমি সংসাৰৰ মায়া বন্ধনত আবদ্ধ হৈ পৰোঁ।মায়া বন্ধনত আবদ্ধ হৈ আমি সংসাৰৰ নিত্য কৰ্মত নিয়োজিত হৈ পৰোঁ। জীৱনৰ প্ৰতি ভালপোৱা ভাব জাগি উঠে।মোহাবিষ্ট হৈ পৰোঁ জীৱনৰ প্ৰতি।।লগে লগে আশাবোৰে মূৰ দাঙি উঠে,সপোনবোৰে পাখি মেলি উৰে।যেতিয়াই আমাৰ সেই আশা আৰু সপোনবোৰ বাস্তৱত ৰূপায়িত নহয়,আমাক দুখে বুকুত হেঁচা মাৰি ধৰে। সকলোৱে বিচাৰে এটি স্বাচ্ছন্দ্য জীৱন কটাবলৈ। কিন্তু সকলোৰে জীৱনত সেই সুখ নাহে। কোনোবাই অট্টালিকাত থাকে, আৰু কিছুমানৰ বাবে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়।এয়ে মানৱ জীৱন।কাৰোবাৰ জীৱনত সুখ আৰু আন কাৰোবাৰ জীৱনলৈ নামি আহে আঁউসীৰ অমাবস্যা। জীৱনৰ প্ৰতি পলে পলে আহিব পাৰে নানা দুৰ্য্যোগ। কাৰণ জীৱন মানেই হৈছে সুখ-দুখ, হাঁহি-কান্দোন,হৰ্ষ-বিষাদৰ এখনি সংসাৰ সাগৰ।সুখত আমি আনন্দ কৰোঁ,দুখত আমাৰ হৃদয় ভাঙে। দুচকুৰে ধাৰাসাৰে তপ্ত অশ্ৰু নিগৰে।সপোন ভাঙিলে জীৱনৰ প্ৰতি অনীহা ভাব আহে।।হয়তো পাৰাপাৰহীন ভৱ সাগৰত দুখৰ প্ৰচণ্ড ঢৌয়ে হৃদয়ৰ দুয়োটা পাৰ খহাই নিলে আমি জীৱনৰ প্ৰতি হতাশাগ্ৰস্ত হৈ ভাগ্যকে দোষাৰোপ কৰোঁ।এটাৰ পিছত এটা যেতিয়া সকলো আমাৰ আশা,সকলো সপোন ভাঙি যায়, তেতিয়া আমি "ভগৱানে কিয় ইমান দুখ দিছে বুলি ভগৱানৰ ওচৰত অভিযোগ কৰোঁ।হয়তো ভগৱানৰ প্ৰতি আমাৰ আস্থা নোহোৱা হৈ মন্দিৰত পূজা-অৰ্চনা কৰিবলৈও এৰি দিওঁ।

         কিন্তু আমি এটা কথা সদায় মনত ৰখা উচিত যে আমি সংসাৰত জন্ম হৈছোঁ একো একোজন সুদক্ষ নাবিক হৈ।এজন সুদক্ষ নাবিকে যেতিয়া বিশাল সাগৰৰ মাজেৰে নিজৰ জাহাজখন চলাই নিয়ে, তেতিয়া  সাগৰৰ প্ৰচণ্ড ঢৌয়ে সেই জাহাজখনক খুন্দিয়াব বিচাৰিলেও, সেই নাবিকজনে নিজৰ সাহস আৰু আত্মবিশ্বাসৰ অটুট  ৰাখি সেই প্ৰচণ্ড ঢৌৰ পৰা জাহাজখনক ৰক্ষা কৰে।সেইদৰে এই ভৱসাগৰখনতো নানা দুৰ্যোগ, বা বিপদ-বিঘিনিৰ ঢৌয়ে আমাৰ জীৱন পথত বাধা দিব পাৰে,নাইবা আমাৰ জীৱনক  দুৰ্বিহ কৰি তুলিব পাৰে। কিন্তু আমি সেই সুদক্ষ নাৱিকজনৰ দৰে আত্মবিশ্বাস অটুট ৰাখি সাহসেৰে যুঁজ দিব পাৰিলে আমি আমাৰ জীৱনৰ লক্ষ্যস্থলীত উপনীত হ'ব পাৰিম।গীতাত শ্ৰীকৃষ্ণই অৰ্জুনৰ আগত কৈ গৈছে ----কৰ্মই  ধৰ্ম। কোনো কৰ্মফলৰ আশা নকৰি,ভগৱানৰ ওপৰত শ্ৰদ্ধা ৰাখি,নিজৰ কৰিবলগীয়া কৰ্তব্য কাম কৰি গ'লে এদিন হ'লেও ভগৱানে আমাক বিপদৰ পৰা উদ্ধাৰ কৰিব,দুখবোৰ আঁতৰাই সুখৰ সুবাস নিশ্চয় চটিয়াব। কাৰণ ৰাতি আন্ধাৰৰ শেষত এটি নতুন প্ৰভাতৰ আগমন ঘটে।জীৱনলৈ অহা হাজাৰ বিপৰ্যয়,বাধা-বিঘিনিক আমি আমাৰ জীৱনৰ প্ৰত্যাহ্বান হিচাবে লৈ, জীৱনৰ ৰণুৱা ঘোঁৰাটোত উঠি , ধৈৰ্য,সাহস আৰু আত্মবিশ্বাসৰ লেকামডাল ধৰি আগুৱাই যাব পাৰোঁ, এদিন নিশ্চয় আমি সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিব পাৰিম।তাৰ বাবে লাগিব নিজৰ ওপৰত আত্মবিশ্বাস, ধৈৰ্য আৰু ভগৱানৰ প্ৰতি থকা গভীৰ আস্থা আৰু ভক্তি।

                          
লেখিকা:জুৰিমনি মুদৈ
  ৰহা হাৰিয়ামুখ
 জিলা :নগাঁও,অসম



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)