জানিও একো নুবুজিলো ✍️অৰূপজ্যোতি হাজৰিকা

Rinku Rajowar
0
কেৰেক-মেৰেকৈ ঠেলা টানি নিয়া ল'ৰাটোৱে চিঞৰিছে
'ভগা টিন ভগা লোহাৰ, ভগা টিন ভগা লোহাৰ 
আছে নেকি কাগজ বহী ,ভগা ছিগা বস্তু'
তাৰ পিছত মানুহজন নোহোৱা হ'ল দীঘলীয়া বাটত
অথচ জানিও একো নুবুজিলো ।

জাৱৰৰ দ'মটোত বুটলা বটল, পেলনীয়া বস্তু বুটলা
লাটুমণিৰ মুখত হাঁহি ,গোটাই থোৱা বস্তু বিক্ৰী পাব
অন্ততঃ ম'বাইল ৰিচাৰ্ছ লগতে দুটামান চাদা পেকেট 
জোৰা-তাপলি মৰা জীৱনটো যৌৱন বুলি একো নাই
অথচ জানিও একো নুবুজিলো।

ক'ৰবাত বিচাৰি পোৱা ভগা লোহাৰ আৰু টিনবোৰ 
কাৰোবাৰ অৰ্ধ আকাশ,কাৰোবাৰ জীৱনৰ সকাহ 
যান্ত্ৰিকতাৰ যুগ কৰ্মৰ অভাৱ ,বিলাসী জীৱন
চোৰ,ডকাইতেৰে সহবাস গাঁও ,নগৰ ,চহৰ
পুৱাই খেদা খেদি ভগা টিন ভগা লোহাৰ বিচৰাজনক
অথচ জানিও একো নুবুজিলো।

সিদিনা ঠেলাখনত  দহ টকা দৰত বিক্ৰী কৰা বহু মূল্যৱান কিতাপ দেখিলোঁ । 
কীৰ্তন ঘোষা আৰু বহুতো
তাৰে দুখনমান বাচি বাচি ভূৱনে ক'লে--
দহোটা আঙুলি সমান নোহোৱাৰ কাৰণো এক জীৱন ।

ফেৰিৱালাৰ জীৱন অন্য এক জীৱন 
ঠেলাৱালৰ জীৱন অন্য এক জীৱন 
ৰিক্সাৱালৰ জীৱন অন্য এক জীৱন 
অ'টোৱালাৰ জীৱন অন্য এক জীৱন 
ধনৰ পিছে পিছে ঘুৰা,জাতি মাটি ভেটি বিকা
সিহঁতৰো আছে অন্য এক জীৱন 
অথচ জানিও একো নুবুজিলো।

জোৰ যাৰ মুলুক তাৰ, নাই তাৰ ভাগ ভাৰ
এপাচি শাকত এটা জালুক, নাপায় একো আমেজ তাৰ
কোনেও নুবুজে কোনেও নাজানে কেতিয়া কি হয়
তেতিয়া জীৱনে বাট কাটে অন্য এক জীৱনৰ
অথচ সহবাসত জানিও একো নুবুজিলো।


✍️অৰূপজ্যোতি হাজৰিকা
ঠিকনা: টীয়ক পৰ্বতীয়া,যোৰহাট
ডাক:জখৰীয়া, পিন:৭৮৫১১২
ম'বাইল নং:৯৯৫৪৯৭৮৩৮১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)