তুমি আহিবা-ৰাহুল চেতিয়া

©Admin
0
তুমি আহিবা বুলি
পদূলি মুখৰ জপনালৈ
মোৰ চকু থৰ লাগি ৰয়,
বুকুল জোপাৰ তলত ৰৈ 
সঘনে চাওঁ জুমি জুমি
কিজানি আহিবা তুমি
চকু জুৰিয়ে
বিচাৰি ফুৰে হাবাথুৰি খায়।

তুমি আহিবা
লগত লৈ আহিবা
এবুকুৰ অফুৰন্ত ভালপোৱা,
মোৰ হৃদয়ে চপাই ল'ব
তোমাৰ অফুৰন্ত মৰম আকলুৱা।

তুমি আহিবা,
মোৰ ব্যাকুল হৈ পৰে হৃদয়খন,
প্ৰাপ্তি-অপ্ৰাপ্তিৰ দোমোজাত পৰি
যোগ-বিয়োগ হিচাপ জুখি-মেলি
কিজানি ময়ে 
মাজ নিশা বুৰাই পেলাওঁ
সপোনৰ পাল তৰা নাওঁ খনি!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)