ফুট গধূলিৰ প্ৰথমটি জোনাক।
বেৰৰ ফাঁকত বাৰিষৰ ঢল নমা দুটি চকু।
আইতাৰ মুখৰ কেতেৰা মাত
ইচ দুজনীৰ পাছত আকৌ,,,,,,,,,
পোন্ধৰটি বসন্তৰ শেষত জোনাকীৰ শিৰত পিতাইৰ হাত
সংগোপনে ডাঙৰ হোৱা এটি সপোনে
কঢ়িয়াই ফুৰে এটি নিঃশব্দ শব্দ,,,,,
বংশ ৰক্ষা!
আইৰ ভাগৰুৱা মনত
কণমানি তিনিটা প্ৰাণৰ মমতা।
প্ৰভাতেই পোহৰ নহ'বও পাৰে।
গধূলিৰ জোনাকেও আন্ধাৰ নাশে।
পিতাইৰ চৌপাশে এতিয়া কেৱল জোনাক
কোলাহল বিহীন স্নিগ্ধ জোনাক,
আৰু আইৰ চকুত
একুৰি পাঁচ বছৰ গৰকা চন্দ্ৰমুখী এচাটি পোহৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ