পৰশ✍️দানিয়েল ওৰাং

Rinku Rajowar
0
এপাহ ধুনীয়া ফুল দেখিলেই 
তোমালৈ মনত পৰে
সঁচায়ে তুমি ধুনীয়া 
এপাহ সজীৱ গোলাপৰ দৰেই।

মন যায় জানা 
তোমাক এবাৰ চুই চাবলে 
পিছে ভয় লাগে 
গোলাপৰ দৰে যদি
তোমাৰ গাতো কাঁইট আছে!

মন যায় তোমাৰ কাষত যাবলৈ
মনৰ এষাৰ কথা ক'বলৈ 
পিছে ভয় লাগে 
তুমিনো কি ক'বা?
সেয়ে নিজকে প্ৰশ্ন কৰি থাকো 
বন্ধু - বান্ধৱীক সেয়ে একেটা কথা
কৈ থাকো
তুমিনো কি ক'বা? 

সেয়ে দূৰৰ পৰাই 
চাই আছোঁ তোমাক 
বহুদিনৰ পৰা। 
         
        ✍️নাম -শ্রীদানিয়েল ওৰাং
         জিলা - ডিব্ৰুগড়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)