চলচ্চিত্ৰ জীৱনৰ-সীমা ৰবিদাস

©Admin
0
হাজাৰটা তৰা জিলিকি থকা আকাশখন,
এটি তৰা সৰি পৰিলে শূণ্য নহয়।
অসংখ্য ধুলিকণাৰে ভৰা পৃথিৱীখন,
এটি ধুলিকণা নোহোৱা হলে বিচূৰ্ণ নহয়।
অসংখ্য ফুলেৰে সমৃদ্ধ বাগিচাখনৰ সৌন্দৰ্য্য, 
এটি ফুল মৰহি গ’লে নোহোৱা নহয়।
মোৰ অবিহনেও চলি থাকিব জগতৰ চলচ্চিত্ৰখন, 
এটি চৰিত্ৰ নোহোৱা হলে কাহিনীভাগৰ অন্ত নহয়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)