খন্তেক সাধু হ'লেও
জীৱনৰ অনুক্ষণ কৰে ভণ্ডামি
আনৰ অলাভত হয় সদা সুখী
তেওঁ তেনেকুৱাই..!
নম্ৰ,ভদ্ৰতাৰ
কাহানিবা শিকাই আদি-পাঠ
তেওঁৰ মিত্ৰই তেতিয়া
হাস্য ৰসত বিয়পাই
অজস্ৰ অনীহা
তথাপিও নাই লাজ মান..!
দহৰ মুখত হে তেওঁ ভাল
পেটত হ'লে মহা কাল
আনৰ বদ গান গাই নিতে
ঢাকি স্ব-দোষ
তেওঁৰ ভাৱনাত তেওঁ মহান
তুচ্চ ভাবে পৰৰ জ্ঞান
তেওঁ তেনেকুৱাই..!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ