মিনতিয়ে আজিকালি বোৱাৰীয়েকক দেখিব নোৱাৰে। কথাই প্ৰতি ভুল ধৰে। গাত লগাকৈ কথা কয়। কাৰণ বুলিবলৈ এটাই। মিনতিৰ পুতেকে বোৱাৰীজনীক বৰ মৰম কৰে। ঘৰখনৰ সকলোৰে সুখ-দুখৰ প্ৰতি লক্ষ্য ৰখা মানুহজনীকনো বাৰু সি বেয়া পাব পাৰেনে? তাই যাতে নতুন ঘৰখনত দুখ অনুভৱ নকৰে তাৰ বাবে সি সদায় যত্ন কৰে। মাজে মাজে কাম-বনতো সহায় কৰি দিয়ে। কিন্তু মিনতিয়ে ভাৱে বোৱাৰীয়েকে পুতেকক মাকৰ বুকুৰ পৰা কাঢ়ি লৈ যাব। পুতেকে নিজৰ মাক-দেউতাকৰ দৰে তাৰ শহুৰ-শাহুকো শ্ৰদ্ধা কৰে। সেইবোৰো মিনতিৰ সহ্য নহয়। কিন্তু সেইজনী মিনতিয়েই আকৌ নিজৰ জীয়েকক পুতেকৰ দৰে মৰমত ৰখা জোৱায়েকৰ প্ৰশংসা কৰি শেষ কৰিব নোৱাৰে। জীয়েকৰ সুখৰ সংসাৰ দেখি আনন্দত আত্মহাৰা হৈ পৰা মিনতিয়ে বোৱাৰীয়েকৰ প্ৰতি থকা পুতেকৰ ভালপোৱাক তাইৰ চলনা বুলি ভাৱে।
—নিশা বৰা
নগাঁও (ৰহা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ