ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড ২৭

Rinku Rajowar
0
আগদিনাখনেই কথা বতৰা পাতি থোৱা অনুসৰি পিছদিনাখন ৰাতিপুৱা দহবজাত বন্ধু জিতুকান্ত শইকীয়া আহি নিৰ্মল কুমাৰৰ ঘৰ পাইছিলহি । দুয়ো বন্ধুৱে একেলগে মিলি আজি বৰপথাৰৰ বিলগাঁও টেঙানী অঞ্চললৈ যাব । সিদিনা পাটলিৰ মাক অৰ্থাৎ নিৰ্মল কুমাৰৰ শাহুমাক আহিছিল । এসপ্তাহ মান থাকি নতুন বছৰৰ এক জানুৱাৰী জোঁৱায়েকৰ ঘৰতে খাই বৈ পিছদিনা যাব লগা হৈছিল কিয়নো সিহঁতৰ ঘৰৰ ওচৰৰে এগৰাকী মানুহ ঢুকাইছিল । 

২৯ ডিচেম্বৰ শুক্ৰবাৰৰ দিনাই পাটলিহঁতৰ গাঁৱৰ চন্দ্ৰ কাইৰ মাক ঢুকাইছিল । ফোন কৰি খবৰ দিলে । সম্পৰ্কীয় লোক নহয় যদিও একেখন গাঁৱৰ একেটা চুবুৰীৰ মানুহ । সঘনাই অহা যোৱা কৰে । পাটলিৰ দেউতাক ঢুকোৱাৰ সময়তো কামে বনে যথেষ্ট সহায় কৰিছে । পাটলিৰ মাকক চন্দ্ৰকাই আৰু সিহঁতৰ ভায়েক ভনীয়েক আটাইকেইজনে বীনা বাই বুলি মাতে । আচলতে গাঁৱৰ প্ৰায়ভাগ লোকে পাটলিৰ মাক দেউতাকক পেহী আৰু পেহা বুলি মাতে । সমজুৱা পেহীয়েক । পেহাকৰ ঘৰ কমাৰবন্ধাৰ চুতীয়া গাঁৱত আছিল যদিও এতিয়া পাঁচ ঘৰীয়া গাঁৱৰ স্থায়ী বাসিন্দা হৈ জীৱন নিৰ্বাহ কৰি দুবছৰ আগতে সিপুৰীলৈ যাত্ৰা কৰে । 

মাক দেউতাকক যদিও বাই ভিনি বুলি মাতে তথাপি পাটলিয়ে সিহঁতক চন্দ্ৰ কাই , পেটুৱা কাই , চুনু কাই বুলি মাতে । সিহঁতে বীনা বাইৰ জোঁৱায়েকৰ ঘৰলৈও আহিছিল । জোঁৱায়েকৰ ওচৰত জীৱন বীমা নিগমৰ পলিচিও খুলিছিল । গতিকে জোৱাঁয়েকে সেই পৰিয়ালৰ কোনোবা স্বৰ্গগামী হ'লে খবৰ এটা লোৱাটো কৰ্তব্য । 

সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ বুলি বন্ধুজনক লগ ধৰিলে বোলে ব'লা বিলগাঁৱৰ পৰা আহো । সিও না নকৰিলে । নিৰ্মল কুমাৰৰ নতুনকৈ লোৱা চুপাৰ স্প্লেণ্ডাৰ এক্স টেকখন লৈ দুয়ো বন্ধুৱে মিলি বিলগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিলে । 

দুপৰীয়া বাৰ বজাৰ আগেয়ে সিহঁতে গৈ শাহুয়েকৰ ঘৰ পালেগৈ । শাহুমাকে চোতালতে নাতিনীয়েকক নচুৱাই নচুৱাই লৈ আছিল । সিহঁত দুয়োকে অহা দেখা পাই " পালাহি , আহা ভিতৰতে বহাহি । " বুলি মাতি লৈ গ'ল । 

নিৰ্মল কুমাৰে শাহুমাকজনীক বৰ ভাল পায় । শাহুমাকেও জোৱাঁয়েকক বৰ আদৰ সাদৰ কৰে । নাতি পোৱালি পোৱাৰ আগলৈকে নিজৰ জীয়েকক সৰু সোণ আৰু জোৱাঁয়েকক ডাঙৰ সোণ বুলি মাতিছিল । এতিয়া নাতিনীয়েকহঁতক সোণজনী আৰু সোণমানু বুলি মাতে । 

খুলশালী ল'ৰা জোন । সি গাঁৱৰে জীয়াৰী সোণজনীক বিয়া কৰাইছে । মুঠতে সকলো সোণ । নিজৰ ল'ৰা জোন । দুবছৰ আগতে সি বিয়া কৰাইছিল । বিয়াৰ এমাহ নৌহওঁতেই দেউতাক ঢুকুৱাত ঘৰখনত মাক পুতেক আৰু বোৱাৰীয়েক , তিনিজনেই সদস্য মাথো । মাক প্ৰায় ঘৰত নাথাকেই । জীয়েকৰ ঘৰলৈকে ঢাপলি মেলে আৰু সেয়ে হয়তো পুতেক আৰু বোৱাৰীয়েক দুয়োয়ে অলপ বেয়া পায় । 

শাহুমাকে আলহীক বহুৱাই চাহ তামোলৰ ব্যৱস্থা কৰিবলৈ গ'ল । আগতীয়াকৈ খবৰ দি থোৱা আছিল গতিকে সকলো সাজু কৰি থৈছিল । চাহ তামোল খোৱাৰ পিছত ভাত খোৱাৰ কথা ক'লে । সি ক'লে নাই নাই ভাত এতিয়াই নাখাওঁ । আগতে মৰা ঘৰত খবৰ এটা লৈ আহো । 

চন্দ্ৰ কাইহঁতৰ ককাই-ভাই তিনিজন । তিনিঘৰ হৈ আছে । বাই ভনী পাঁচ গৰাকী । পাঁচজন জোৱাঁই । আটাইকেইজন জোৱাঁই সকামক লৈ ব্যস্ত । কি কি আনিব লাগিব , ক'ত কিমান খৰচ পৰিব , সকামলৈ নিমন্ত্ৰণ জনোৱা , বস্তু বাহানি গোটোৱা , প্ৰত্যেকৰে কিমানখিনি খৰচ পৰিব এইবোৰ হিচাপ নিকাচ লৈ ব্যস্ত হৈ পৰিছিল । তাৰ মাজতেই ডাঙৰ জোৱাঁয়েকে আহি মাত লগালে । নিৰ্মলৰ চিনাকি । বন্ধু ৰত্নজিতৰ ভনীয়েক অৰুণাৰ ( ভাল নাম নয়নমণি গগৈ বৰুৱা ) গিৰিয়েকৰ দদায়েক । ভতিজাকহঁতৰ খবৰ ল'লে । ১২ জানুৱাৰীত ৰত্নজিতৰ ককায়েক প্ৰশান্তৰ ছোৱালীৰ তোলনি বিয়া । তালৈও নিমন্ত্ৰণ আছে । লগ পাম । এইবুলি কৈ জোঁৱায়েক আকৌ ব্যস্ত হৈ পৰিল । 

চন্দ্ৰ কাইহঁতৰ ককাই-ভাই তিনিওজনে আহি খবৰ ল'লেহি । দেউতাক চোতালত বহি আছিল । নিৰ্মলৰ লগত যোৱা লোকজনৰ খবৰ ল'লে । 

: এওঁ কোন চিনি পোৱা নাই ?  

: মোৰ লগৰ সহপাঠী বন্ধু তথা সখী ।  

এজন এজনকৈ ককাই ভাই বাই ভনী আৰু দেউতাক আটায়ে খবৰ ল'লে । 

: অকলে নে তলি ( পাটলি ) হঁতো আহিছে ? 

: নাই নাই , আমি দুজনহে আহিছো । 

পাটলিক গাঁৱৰ দুই চাৰিজন ব্যক্তিয়ে চমুকৈ তলি বুলিও মাতে । কথা বতৰা পাতি থাকোঁতেই তাৰ মাজতে এগৰাকীয়ে আহি তামোল পাণৰ বঁটাখন আগবঢ়াই দি থৈ গ'ল । বৰতীয়া দিয়া নিয়ম । তেওঁলোক তিনিওঘৰলৈ অনা বৰতীয়া একেলগে একেঘৰতে থকাৰ বাবে তাতেই দিলে । কিছুসময়ৰ পিছতে চাহ দিলেহি । চাহ তাহ খাই দুয়ো বন্ধুৱে বিদায় ল'লে । 
শাহুমাক ৰৈ আছিল । সিহঁতক যোৱা দেখি ক'লে - 

: হাত ধুই লোৱা । ভাত খাবলৈ হৈছে । ভাত বাঢ়ো । 

সিহঁত ৰৈ নাথাকিল । জোতা পিন্ধি আছে যেতিয়া ভৰি ধোৱাৰ কথাই নাই । গতিকে হাত দুখন ধুই আহি নিৰ্দিষ্ট স্থানত বহি ল'লে । শাহুয়েকে সকলো যতনাই দিলে । এই মুহুৰ্ত্বত খুলশালী বোৱাৰী জনীলৈ অলপ খং উঠি আহিছিল তাৰ । ভিনিহিয়েকৰ  লগত সখিয়েক আহিছে , না তামোল-পাণৰ যোগাৰ কৰিলে , না চাহ ভাতৰ যোগান ধৰিছে । শাহুয়েকৰ মূৰত মাৰি মাৰি খাবলৈ শিকিলে । কাণ্ডজ্ঞান বোলা বস্তু অকনমানো নাই তাইৰ । লাজ লাগিছিল তাৰ । ধুৰ চাল্লা । এইহাল পুতেক বোৱাৰীয়েক ভাল মিলিছে । শাহুমাক থাকেমানে অহা যোৱা কৰিবলৈ মন যাব তাৰ পিছত নিজৰ নিজৰ ভাগে চলি থাকা । ভিনিহি খুলশালীৰ মাজত যেন অলপ দূৰত্বৰ মনোভাৱ জাগ্ৰত হৈছিল তাৰ মনত । ভাল নাপালে সি । 

শাহুয়েকৰ টকাৰে কিনি অনা মাছেৰে তিনিওজনে খাই বৈ মাহীয়েকৰ ঘৰলৈ আহিল । মাহীয়েকৰ ঘৰত যমুনা , বগাই আৰু পূজা তিনিটা ল'ৰা ছোৱালী । খুলশালী যমুনাৰ বিয়া হৈ গৈছে । চুঙাজানলৈ বিয়া হৈছে তাই । যোৱাবছৰ বগাইয়েও বিয়া কৰাইছিল । মাহীয়েকে ল'ৰা আৰু ছোৱালী দুয়োফালৰ পৰা নাতি পালে । এতিয়া ককাক আইতাক হৈ নাতিৰ লগত উমলি জামলি ফুৰে । 

দুয়ো জোৱাঁই মাহীয়েকৰ ঘৰত তামোল খন খাই আৰু ৰৈ নাথাকিল । সময় ৰৈ নাথাকে । আকৌ এঘৰলৈ যাব লগা আছে । ল'ৰাল'ৰিকৈ সিহঁত দুয়ো ৰবীন বৰা ছাৰৰ ঘৰলৈ আগবাঢ়িল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)