ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন ২৬ ✍️নবীন চন্দ্ৰ মেধি

@admin
0
আগে আগে স্কুটিলৈ ছাৰ আৰু পিছে পিছে সিহঁত চাৰিওজনে বাইকেৰে গৈ ছাৰৰ ঘৰ পালেগৈ । পদুলি মূৰতে বাইক ৰখাই থৈ গেটৰ সন্মুখত ৰ'ল আৰু ছাৰক ক'লে - 

: ছাৰ , ৰ'বচোন , আপোনাৰ সতে ফটো দুকপিমান তুলি থওঁ । এটা স্মৃতি হিচাবে থাকিব । 

: ভাল কথা , আহা তেতিয়াহ'লে । 

ছাৰে ক'লে । 

সলনা সলনি কৰি ছাৰৰ লগত আটায়ে ফটো উঠিলে । 
ছাৰৰ সুন্দৰ পকীঘৰৰ লগতে ফুলৰ বাগিচা , পদুলিমূৰত গেট । কিবা এটা ভাল লগা পৰিৱেশ । এই প্ৰথম বাৰৰ বাবে ছাৰৰ ঘৰলৈ আহিছে নিৰ্মল কুমাৰ শৰ্মা । প্ৰাক্তন ছাত্ৰ আৰু প্ৰাক্তন শিক্ষক দুয়োৰে মহামিলনৰ ক্ষণ । 

ছাৰ আগবাঢ়িল । সিহঁত পিছে পিছে গ'ল । ছাৰে কেউজনকে বহিবলৈ মাতিলে । 

সিহঁত চাৰিওজনে গৈ বহিল । ছাৰে তামোল-পাণৰ যোগাৰ কৰিলে । তাৰ পিছত বাইদেউলৈ ফোন লগালে - 

: হেৰা , সকাম ঘৰৰ পৰা সোনকালে আহা । আলহী আহিছে । মোৰ প্ৰাক্তন ছাত্ৰ জিতু যে সিদিনা অলপতে আনন্দৰ সতে আহিছিল , আজি তেওঁৰ সতে নিৰ্মল প্ৰবীন আৰু মনেশ্বৰ আহিছে । আটাইকেইজন মোৰ প্ৰাক্তন ছাত্ৰ । আহা আহা সোনকাল কৰা । 

: তামোল পাণৰ বঁটাখন আগবঢ়াই দিয়াচোন । মই পামগৈয়ে এতিয়া । বেছি সময় নালাগে । 

: তামোল পাণৰ যোগান ধৰিলো। চাহ একাপ একাপকে দিয়াহি । 

ছাৰে ফোন কাটিলে । তাৰ পিছত ছাৰে কেইবাহাজাৰ টকা খৰচ কৰি যোৰহাটৰ পৰা কিনি অনা অতি যতনেৰে পোহা নোমাল কুকুৰ দুটা দেখুৱালে । ফুলৰ বাগিচা , তামোল-পাণৰ বাৰীখন চালে সিহঁতে । ছাৰে অৱসৰকালীন সময়খিনি গছ গছনি , ফুলৰ বাগিচা , তামোল পাণৰ বাৰী আৰু পোহনীয়া কুকুৰ দুটাৰ লগতে ব্যস্ত হৈ পাৰ কৰিছিল । এইবোৰ কৰ্মৰ মাজেৰে ছাৰৰ সুন্দৰ মনৰ পৰিচয় প্ৰকাশ পাইছে । 

বাইদেউ আহি পালেহি । সিহঁত চাৰিওজনে বাইদেউক মাত লগালে । ছাৰে সিহঁতৰ সতে বাইদেউক চিনাকি কৰাই দিলে । 

: এওঁ নিৰ্মল কুমাৰ শৰ্মা , মোৰ প্ৰাক্তন ছাত্ৰ । বৰ্তমান এখন মধ্য ইংৰাজী বিদ্যালয়ৰ ইংৰাজী শিক্ষক । আৰু এওঁক চিনি পাইছাই জিতুকান্ত শইকীয়া । অলপদিন আগতে আহিছিল । এয়া প্ৰবীন হাজৰিকা , জিতুৰ পেহীয়েকৰ ল'ৰা । আৰু এয়া মনেশ্বৰ শইকীয়া । জিতুৰ একেবাৰে সৰু দদায়েক । 

ছাৰে সকলোৰে লগত পৰিচয় কৰাই দিয়াৰ পিছত বাইদেউ ভিতৰলৈ সোমাই গ'ল । কিছুসময়ৰ পিছতে এখন থালত ( ট্ৰে ) চাহ বিস্কুট লৈ বাহিৰলৈ ওলাই আহিছিল । ছাৰৰ লগতে আটায়ে চাহ খালে । তাৰ পিছত আকৌ কথা-বতৰা আৰম্ভ হ'ল । নিৰ্মল কুমাৰে ছাৰৰ ফোন নম্বৰটো ল'লে আৰু নিজৰ নম্বৰ ছাৰক দিলে । 

ইতিমধ্যে সন্ধিয়া হৈ আহিছিল । ছাৰৰ ঘৰৰ পৰা বিদায় লৈ সিহঁত চাৰিওজনে সকাম ঘৰলৈ উভতি আহিছিল । সকাম ঘৰতো বৰ বিশেষ দেৰি নকৰিলে । বিনয়দাক মাতষাৰ লগাই চাৰিওজনে নিজ নিজ ঘৰলৈ উভতি আহিল । ছয় বজাত আহি নিৰ্মল কুমাৰে ঘৰ পাইছিল । ভাল লাগিল আজি বহুদিনৰ মূৰত ছাৰৰ সতে বাৰ্তালাপ কৰিবলৈ সক্ষম হৈছিল । 

ঘৰলৈ উভতি আহি পায়েই ছাৰলৈ ফোন লগালে । সিহঁত যে ঘৰলৈ উভতি আহি পালেহি তাকে জনালে । তাৰ পিছত আজি তোলা ফটো চাৰিকপিমান হোৱাটছএপ যোগে ছাৰলৈ পঠিয়াই দিলে । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)