ব্যস্ততা -চুমি হাচান

©Admin
0
ব্যস্ত চহৰ আৰু ব্যস্ত আমিবোৰ,
আৰু এই ব্যস্ত চহৰৰ মাজত 
লক্ষ্যহীনভাৱে হেৰাই গৈছোঁ আমি সকলোবোৰ ।
নিশাৰ অন্ধকাৰত আৰম্ভ হয়
উদণ্ড পুৰুষৰ নিচা,
আৰু তীব্ৰ ভোকৰ তাড়নাত উদং হৈ পৰে কত নাৰীৰ বুকু।
হয়তো সিহঁতে হে বুজি উঠে
কাৰোবাৰ স্পৰ্শত আচলতে অভাৱ কি?
অস্থিৰতাৰ বুকুত
হাহাকাৰ কৰি উঠে হৃদয়ে
তথাপিও নিচ্ছুপ ঠিকনাত সকলো বন্দী ,
ব্যস্ততাই সকলোৰে সততাৰ শব্দবোৰ ল'লে কাঢ়ি।
চাৰিওফালে যেন নিৰৱতাৰে আচ্ছন্ন ব্যস্ত কোঠালি,
নাই কাৰো আহৰি ।
বিলীন হৈ যাব ধৰিছে সকলো অচিনাকীৰ খোজত,
দূৰত্ব বাঢ়ি গৈছে সম্পৰ্কবোৰৰ
ঠিকনাহীন হৈ গৈছে চিনাকি মুখ বোৰৰ ।
মুঠতে ব্যস্ততা !
ভীষণ ব্যস্ততা !

✍️চুমি হাচান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)