ঐতিসাহিক ক্ষণৰ সন্ধিত প্ৰসংগ ৰাম মন্দিৰ ✍️জ্যোতিষ্ক বৰুৱা

©Admin
0
আযোধ্যাৰ শ্ৰীৰাম মন্দিৰ সাকাৰ ৰূপত একমাত্ৰ দেশৰ প্ৰধান মন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ একান্ত সদিচ্ছাৰ ফলশ্ৰুতি ৷ এক ৫০০ বছৰীয়া সংগ্ৰামৰ জল্পনা কল্পনাৰ অৱসান ঘটাই আজিৰ এই ২০২৪ চনৰ পহিলা মাহৰ শেষলৈ এই মহৎ উদ্দেশ্য সফলতাৰে বৰ্তমানত বাট বুলিল ৷ 
ভাৰত নানা ধৰ্মালম্বী লোকৰ বসতি স্থলৰ লগতে হিন্দু সকলৰ বিভিন্ন দেৱ-দেৱীৰ প্ৰধান উপাসনা থলীৰ দেশ ৷ এই দেশতেই দেৱৰ উত্তম দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণ,দশৰথ নন্দন পুৰুষোত্তম প্ৰভু শ্ৰীৰামচন্দ্ৰ,পৰশুৰাম আদিৰ জন্ম স্থান ৷ দুষ্টক দমন সন্তক পালন কৰিৱলৈ ভগৱান বিষ্ণুৱে ভাৰতভূমিত যুগে যুগে অৱতাৰ গ্ৰহন কৰে ৷ দশৰথ নন্দন শ্ৰীৰামচন্দ্ৰক ভগৱান বিষ্ণুৰ দশাৱতাৰৰ এক অংশ ৰূপে মনা হয় ৷ যদিও ভাৰতবৰ্ষত হিন্দু ধৰ্ম কেইবাটাও শাখা-প্ৰশাখাত বিভক্ত,উপাসনাৰ পদ্ধতি বিভিন্ন ইয়াৰ মাজতো আছে ঐনৈক্যৰ মাজত এক ঐক্যৰ সংহতি ৷ হিন্দু মানেই পুৰাতন,এক সভ্যতা,এক সংস্কৃতি বিশাল ধ্বজা ৷ ই কেৱল এক ধৰ্মই নহয় দেশখনৰ পৰমাত্মা ৷ আযোধ্যা আছিল ভগৱান বিষ্ণুৰ দশাৱতাৰ এক অংশ স্বৰূপ প্ৰভু ৰামচন্দ্ৰৰ জন্মভূমি ৷ সেয়েহে হিন্দু সমাজখনে সুদীৰ্ঘ ৫০০বছৰ ধৰি ৰাম জন্মভূমি আযোধ্যাত প্ৰভু শ্ৰীৰাম মন্দিৰৰ পোষকতা কৰি অহাৰ লগতে এক অবিৰত সংগ্ৰাম চলাই আহিছিল ৷ অৱশেষত ২০১৯ চনত দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠত ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ আব্দুল নাজিৰৰ ৰায়দানত হিন্দু সকলৰ আৰাধ্য দেৱতা প্ৰভু শ্ৰীৰামৰ মন্দিৰ নিৰ্মানৰ অনুমতি লাভ কৰে ৷ 
ইয়াৰ পিছতেই ২০২০ চনত দেশৰ মাননীয় প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে শ্ৰীৰাম জনমভূমি মন্দিৰত ভূমি পূজনৰ কাম আৰম্ভ হয় ৷
অৱশেষত ২০২৩ চনৰ শেষৰ চোৱাত ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যই পূৰ্ণতা লাভ কৰে আৰু ২০২৪ চনৰ ২২ জানুৱাৰীত দেশৰ যশশ্বী প্ৰধান মন্ত্ৰীৰ দ্বাৰা দেশৰ জনসাধাৰণৰ দৰ্শনৰ বাবে উৎসৰ্গিত কৰা হয় ৷ এই শুভাৰম্ভনি আৰু দৰ্শনৰ পথে দেশৰ কোটি কোটি হিন্দু সকলক পুণৰ একতাৰ এক ডোলেৰে সমন্বয়ৰ বাহক ৰূপে সংগঠিত কৰি তোলাত সহায় কৰিৱ ৷ লগতে এক নতুন ৰূপত পুনৰ জিলিকাই তুলিৱ ৷ পাৰস্পৰিক প্ৰেম আৰু ভাতৃত্ববোধৰ ভেটি গঢ়ি উঠিব ৷ 

এক কথাত কৱলৈ গলে শ্ৰীৰামে যুগে যগে মানুহক উদ্বুদ্ধ-অনুপ্ৰাণিত কৰি আহিছে , অতীজত বাল্মীকী ৰামায়ণ, মধ্যযুগত তুলসীদাস, কবিৰ, গুৰু নানক আৰু আধুনিক যুগতো গান্ধীজীৰ ভজন, অহিংসা আৰু সত্যাগ্ৰহৰো অনুপ্ৰেৰণা আছিল এই ৰামেই। বুদ্ধদেৱো শ্ৰীৰামৰে জড়িত হৈছিল, সেইদৰে যুগ-যুগান্তৰ ধৰি অযোধ্যা নগৰী জৈনসকলৰো আস্থাৰ প্ৰতীক হৈ আহিছে ৷ শ্ৰীৰাম দেশৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এনাজৰি ৷ ইণ্ডোনেচিয়া, কম্বোদিয়া, লাওচ, মালয়েচিয়া, থাইলেণ্ড, শ্ৰীলংকা, নেপাল আদিৰ উপৰি চীনদেশ, ইৰাণ আদি দেশতো বহু সহস্ৰ বছৰ ধৰি ৰামক শ্ৰদ্ধাৰে মান্যতা প্ৰদান কৰি আহিছে তাক নুই কৰিৱ নোৱাৰি ৷

✍ শ্ৰীজ্যোতিষ্ক বৰুৱা
        নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)