জয় শ্ৰী ৰাম-সঞ্জীৱ চৰকাৰ

©Admin
0
জয় শ্ৰী ৰাম 
তোমাৰ চৰণে শত কোটি প্ৰণাম
তোমাৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগমনে 
আমাৰ প্ৰাণ জীপাল..!

যাত্ৰা পথৰ আলোক 
অসুৰ নাশিবলৈ তুমি মহাশক্তি
শুদ্ধ,সত্যৰ প্ৰতীক
তুমি পিতৃ তুমি মাতৃ 
তোমাৰ চৰণে জনাও মিনতি..!

বিষাদভৰা হৃদয়ত তোমাৰ স্মৰণে 
সুখৰ বতৰা আনে 
শত সমস্যাৰ সমাধান
তুমি মানৱৰ মান..!

অ' সখা 
আহা আমি পণ লও
আমাৰ ভগৱান
শ্ৰী ৰামৰ প্ৰতিষ্ঠা দিনত 
জ্বলাম বন্তি, আলোকিত কৰিম দশোদিশ 
কাৰণ পোহৰ শুদ্ধ, পোহৰ সত্য,
পোহৰ প্ৰগতিৰ প্ৰতীক..!

✍️ সঞ্জীৱ চৰকাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)