ধাৰাবাহিক উপন্যাস - মৰমে জানে মৰমৰ ঠিকনা ক'ত খণ্ড ১ - মুন শৰ্মা

©Admin
0
শীতৰ দিন, মাহটো পুহ, বতৰটো ডাৱৰীয়া। ফলত আজি ঠাণ্ডা অলপ বেছিকৈ অনুভৱ হৈছে। সম্ভৱ ডাৱৰীয়াৰ বাবেই নেকি , গোটেই দিনটোত অঞ্চলটোৰ বজাৰ সমাৰত মানুহৰ  অৱস্থিতি খুব কম। ফুট গধূলিতে মানুহবোৰ ঘৰলৈ বুলি ৰাওনা হ'ল । দোকান কেইখন ও বন্ধ হ'ল ।সোনকালে তিনিআলিটোত লগতে ইয়াৰ পৰা দক্ষিণ দিশে যোৱা সদা ব্যস্ত পথটোৰ নীৰৱ জনশূণ্য হৈ পৰিলে।
      ৮ বাজি পাৰ হৈ ৯ বাজিবৰ হ'ল। ঘড়ীৰ কটাই অবিৰত ঘূৰি আছে , চিন্তা বোৰ লাহে লাহে অধিক হ'ব ধৰিছে সীমান্ত বৰুৱাৰ।অনুপমা এতিয়াও অফিচৰ পৰা আহি পোৱা নাই। আন্ধাৰ  হোৱাৰ আগেই প্ৰতিদিনে ঘৰত সোমোৱা অনুপমা আজি গ'ল ক'ত! এবাৰ নহয় তিনিবাৰ ফোন কৰিলে, তেওঁ কৈছে গৈ আছোঁ, গৈ আছোঁ। আৰে।... কিমান আহিব অ, আধা ঘণ্টাৰ বাটটো তিনি ঘণ্টা লাগি গৈছে আহি পাওঁতে। তথাপি উপায় নাই, অপেক্ষা কৰাৰ বাহিৰে একো পথ যে তেওঁৰ খোলা নাই তেতিয়া। সেয়ে তিনিআলিটোৰ কিছু নিলগত  অৱস্থিত ঘৰৰ বেলকনিৰ পৰা  তিনিআলিটোলৈ বুলি চাই আছে ৰৈ।
   লাহে লাহে কুঁৱলীও ঘনকৈ পৰিছে। চাৰিওফালৰ পৰিচিত দৃশ্যবোৰ অদৃশ্য হোৱাৰ উপক্ৰম হৈছে। মাজে মাজে গছৰ শুকান ডাল পাত সৰি পৰাৰ শব্দত অনুমান হয় যেন কোনোবা আহিছে। নাই কোনো অহা নাই, ইফালে ভিতৰৰ পৰা ছয় বছৰীয়া  পুতেকৰ মাত -- "পাপা..... মা ক'ত গ'ল! " পুতেকৰ মাতত ইমান সময় বাৰাণ্ডাতে থকা সীমান্ত বৰুৱাই ভিতৰলৈ গৈ পুতেকৰ কাষত ৰৈ মিছা মাতি ক'লে -- "আহিব সোণ, তুমি টোপনি যোৱা, আহি পালেহি অলপ দূৰত আছে।" কথা খিনি কৈয়ে তাৰ মূৰটো মোহাৰি দি টোপনি যোৱাত সহায় কৰি তাৰ মূৰৰ কাষতে বহি দিলে ।চিন্তাই হেঁচা মাৰি ধৰা মানুহটোৱে।
     ঘড়ীৰ কাটাৰ ৯ বাজি ১০ মিনিট যোৱাৰ সংকেত, তেনেতে  পদুলিত কাৰোবাৰ গাড়ী ৰখাৰ শব্দ। মাত শুনিয়েই আকৌ ওলাই আহিল  সীমান্ত বৰুৱা। প্ৰথমে মণিব পৰা নাই, পুহ মাহৰ ঘন কুঁৱলীৰ আৱৰণ ফালি লক্ষ্য কৰিলে যদিও চিনি পোৱাত অসুবিধা। ওচৰৰ পৰা সীমান্ত বৰুৱা অলপ পাছত হে ধৰিব পাৰিলে তেখেতৰ পত্নী অনুপমা হয়। বাহনৰ পৰা নামি আহে মানুহ জনী।যিটো অলপ আগেই সন্দেহ কৰিছিল।  মানুহ জনীক দেখিয়েই ইমান সময়ে দমাই ৰখা খংৰ বান্ধ খুলি গৈছিল সীমান্ত বৰুৱাৰ।কিন্তু কিবাকৈ শান্ত কৰি ৰাখিলে খংটোক সীমান্ত বৰুৱাই। আৰু  অনুপমা পদূলিৰ পৰা বাৰাণ্ডা লৈ অহালৈ অপেক্ষা কৰিলে সীমান্ত বৰুৱাই।
       ......................................
                       আগলৈ

 ✍️মুন শৰ্মা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)