সামাজিক মাধ্যমৰ অপব্যৱহাৰ-ভাস্বতী কলিতা

©Admin
0
বৰ্তমান সময়ত সামাজিক মাধ্যম সমূহ বহুগুণে আগবাঢ়ি গৈছে। ই মানুহক যিমান গুণে সহায় কৰিব লৈছে কিন্তু কিছুসংখ্যকৰ বহুগুণে হানি কৰিছে। আমি যেতিয়া আজৰি সময়ত ইন্ষ্ট্ৰাগ্ৰাম বা ফেচবুকটো খোলোঁ তেতিয়াই দেখিবলৈ পাওঁ যে কিছুসংখ্যক অৰ্ধ নগ্ন নাৰী। বৰ্তমান একাংশ মহিলাই ভাইৰেল হোৱাৰ কাৰণে বহুগুণে তললৈ নামি গৈছে কিন্তু এইবোৰ কৰিলে তেওঁলোকৰ লাভ হ'ব কি?? তেওঁলোকৰ কোনো লাজ চৰম নাই নেকি? 
        বৰ্তমান এনেকুৱা এটা যুগ পৰিল যে এই ৰিলছসমূহৰ নামটো মহিলাসকলৰ জেদ ভাবি আহিবলৈ লৈছে। এটা লাইক, কমেন্ট পোৱাৰ আশাত তেওঁলোকে কিমান তললৈ গৈছে তেওঁলোকে নিজেই হয়তো ভাবিব পৰা নাই ক'তই যদি দেহৰ আধা অংশ দেখুৱাইছে, ক'তই আকৌ আঠুৰ মূৰলৈ কাপোৰ পিন্ধিছে। মাত্ৰ সকলোতে প্ৰতিযোগিতা আহি পৰিছে। তেওঁলোকে অকণো ভাবিব পৰা নাই যে ইয়াৰ পৰা সমাজৰো ক্ষতি হ'ব পাৰে। যিসকলে অৰ্ধ নগ্ন হৈ ৰিলছ বনাই তেওঁলোকে হয়তো নিজৰ ল'ৰা ছোৱালীক মোবাইলত ব্যস্ত কৰি তেওঁৰ কাম সমূহ কৰে। তাৰ পৰা যে ল'ৰা-ছোৱালীয়ে ভালটো শিকাৰ লগতে বেয়া দিশটো চাব পাৰে, তেওঁৰ সেই ভাবিব পৰা ক্ষমতাকণ নাই। বৰ্তমানৰ যুগতো ভাবিব নোৱাৰা হৈছে। আজৰি সময়ত মোবাইলটো কোনো বয়োজ্যেষ্ঠ বা ঘৰৰ দেউতাকহঁতৰ লগত চাব নোৱাৰা পৰ্যায় পাইছে। বাতৰিৰ শিৰোনামত উল্লেখ থকা ধৰ্ষণ, হত্যাৰ কাৰণ হৈছে সেই অৰ্ধ নগ্ন মহিলাৰ কাৰু-কাৰ্যবিলাক। সেইসকল নাৰীৰ বাবেই দুষ্টচক্ৰই সুবিধা পাইছে। 
      ৰিলছ বনাব লাগে কিন্তু অৰ্ধ নগ্ন হৈ নহয়, ধুনীয়া গীতত, মাৰ্জিত সাজ-পোছাকত প্ৰাকৃতিক সৌন্দর্য দেখুৱাই কিন্তু আমাৰ সমাজৰ একাংশ মহিলাই তাকে নকৰি দেহৰ মাজেৰে চাদৰ লৈ চুটি কাপোৰ পিন্ধি গছৰ পাত পিন্ধি ৰাইজক দেখুৱাই ভাল পায়। 
     এইয়া নকৰি সকলোৱে সমাজৰ হকে সৎ চিন্তা কৰিব লাগে যাতে সমাজত হত্যা, ধৰ্ষণ আদিয়ে দেখা নিদিয়ে। সকলোৱে সামাজিক মাধ্যমৰ ভালটো ব্যৱহাৰ কৰিব লাগে যাতে সেইটোৰ পৰা অপকাৰ নহৈ নিজে কিবা আয়ত্ত কৰিব পাৰি।।
      
             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)