ধাৰাবাহিক উপন্যাস অৰণ্যৰোদন খণ্ড ২৯ -নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
অবিৰত ভাগৱত পাঠৰ আজি প্ৰথম দিন । অকুমাৰী ছোৱালী দহ বাৰ গৰাকীক লগত লৈ চুঙাজান অঞ্চলৰ ৰাইজে গংগাজল ( পবিত্ৰ পানী ) আনিবৰ বাবে ধনশিৰি নৈৰ পাৰলৈ সাংস্কৃতিক শোভাযাত্ৰা কৰি আগবাঢ়িছে । ঢোল খোল নাগাৰা তাল আদি বজাই হৰি নাম , দিহানাম , বিহুনাম আদি গাই গাই আগবাঢ়িছে । পদুমপুখুৰী গাঁৱৰ ফালেৰে গৈছে । প্ৰায় তিনি চাৰি কিলোমিটাৰ নিলগত থকা ধনশিৰি নৈৰ বুকুৰ পৰা পানী তুলিবলৈ যোৱা এই সুন্দৰ দৃশ্য উপভোগ কৰিব লগা হৈছিল । 

সৰু সৰু ল'ৰা ছোৱালী বোৰক গাড়ীত উঠাই লৈ গৈছিল আৰু ডাঙৰ সকলে খোজেৰেই আগবাঢ়িছিল । ভাগৰ লাগিছিল যদিও বহুদিনৰ মূৰত ধনশিৰি নৈৰ পাৰত সকলোৱে আনন্দ মনেৰে পানী তুলিবলৈ লৈছিল । নীতি নিয়মৰ মাজেৰে সকলো হৈ গৈছিল । ইফালে মোবাইল ফোন সমূহৰ সৎ ব্যৱহাৰ আৰম্ভ হৈছিল । ফটো তোলা ভিডিঅ' কৰা আদি সমূহ সহজলভ্য হৈ পৰিছিল ।  দুপৰীয়া সময়ত পানী তুলিবলৈ যোৱা ৰাইজখন ঘুৰি আহি নামঘৰ পাইহি মানে আবেলি তিনি বাজিবৰ হৈছিল । ভোকে ভাগৰে হেঁচা মাৰি ধৰিছিল । নামঘৰৰ ভিতৰত থকা লোকসকলে আৰু দেৰি নকৰিলে । সকলোৰে বাবে দুপৰীয়াৰ আহাৰ যোগান ধৰিছিল । গতিকে খাই বৈ ৰাইজখন ঘৰলৈ উভতি গৈছিল । ইফালে ধৰ্ম্মালোচনী সভাখনো প্ৰথম দিনা অনুষ্ঠিত কৰা হয় ।  ৰাতিলৈ প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব । 

ধৰ্ম্মালোচনী সভাখনত কাণ পাতি শুনিবলৈ বিশেষ লোক যেন ৰ'বলৈ সময় নাই । গৰু ছাগলী আনিবলৈ সময় নাই । গতিকে লৰালৰিকৈ ঘৰলৈ ঢাপলি মেলিছিল ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)